সোমবাৰ, ১০ আগষ্ট
‘স্বামীসকল নিজৰ পত্নীক দুৰ্বল পাত্ৰ হয় বুলি জানি তেওঁলোকৰ লগত আদৰেৰে ব্যৱহাৰ কৰা।’—১ পিত. ৩:৭.
বিশ্ব স্বাস্থ্য সংস্থাৰ ৰিপৰ্টৰ অনুসৰি আজি বহুতো স্বামীয়ে নিজৰ পত্নীক মাৰ-পিট কৰে, তেওঁলোকৰ ওপৰত চিঞৰ-বাখৰ কৰে বা তেওঁলোকৰ লগত বেয়া ব্যৱহাৰ কৰে। কিছুমান স্বামীয়ে ঘৰত নিজৰ পত্নীৰ লগত ভালদৰে ব্যৱহাৰ নকৰে, কিন্তু আনৰ আগত এনে দেখুৱাই যেন, তেওঁ নিজৰ পত্নীক বহুত আদৰ কৰে। বহুতো স্বামীয়ে নিজৰ পত্নীসকলৰ লগত কিয় অত্যাচাৰ কৰে? ইয়াৰ বহুতো কাৰণ হʼব পাৰে। যেনে: কিছুমানে এনে পৰিয়ালত ডাঙৰ-দীঘল হৈছে, যʼত দেউতাকে নিজৰ পত্নীক মাৰপিট কৰিছিল আৰু সেইবাবে, তেওঁলোকে ভাবে যে পত্নীৰ লগত এইদৰে ব্যৱহাৰ কৰাটো ভুল নহয়। আনহাতে, কিছুমানে এনে সমাজত ডাঙৰ-দীঘল হৈছে, যʼত লোকসকলে ভাবে যে পুৰুষালী দেখুৱাৰ উপায় হৈছে নিজৰ পত্নীৰ ওপৰত অধিকাৰ চলোৱা। কিছুমান এনে ব্যক্তিও আছে, যিসকলক নিজৰ ভাবনা বা খং নিয়ন্ত্ৰণ কৰিবলৈ কেতিয়াও শিকোৱা নাছিল। কিছুমান এনে ব্যক্তি আছে, যিসকলে প্ৰতিদিনে অশ্লীল ছবি বা ভিডিঅʼ চায়, যাৰ বাবে তেওঁলোকে ভাবে যে তিৰোতাসকলে কেৱল শাৰীৰিক ইচ্ছা পূৰ কৰাৰ উপায় হয়। কিছুমান বিশেষজ্ঞৰ অনুসৰি কভিড ১৯ মহামাৰীৰ সময়ছোৱাত এয়া আৰু বেছিকৈ দেখিবলৈ পোৱা গৈছিল। কিন্তু যিয়ে কাৰণ নহওক কিয়, স্বামীসকলে নিজৰ পত্নীৰ লগত অত্যাচাৰ কৰা উচিত নহয়। w২৫.০১ ৮ ¶২-৩
মঙ্গলবাৰ, ১১ আগষ্ট
খ্ৰীষ্টই যিহেতু দুখভোগ কৰিছিল, সেইবাবে তোমালোকেও তেওঁৰ দৰে সেই একেই চিন্তাধাৰা বজাই ৰাখিবলৈ সাজু থাকা।—১ পিত. ৪:১.
যীচুৱে স্পষ্টকৈ জনাইছিল যে মোচিৰ নিয়মৰ আটাইতকৈ ডাঙৰ আজ্ঞা কি হয়। তেওঁ কৈছিল, “তুমি নিজৰ ঈশ্বৰ যিহোৱাক নিজৰ সম্পূৰ্ণ হৃদয়, সম্পূৰ্ণ প্ৰাণ, সম্পূৰ্ণ মগজু আৰু নিজৰ সম্পূৰ্ণ শক্তিৰে প্ৰেম কৰিবা।” (মাৰ্ক ১২:৩০) মন কৰক, আমি সম্পূৰ্ণ হৃদয়েৰে যিহোৱাক প্ৰেম কৰা উচিত। ইয়াত আমাৰ ভাৱনা আৰু ইচ্ছাও জড়িত হোৱা উচিত। আমি সম্পূৰ্ণ প্ৰাণেৰে আৰু সম্পূৰ্ণ শক্তিৰে তেওঁৰ সেৱা কৰা উচিত। ইয়াৰ লগতে আমি সম্পূৰ্ণ মগজুৰে যিহোৱাক প্ৰেম কৰা উচিত। ইয়াৰ অৰ্থ হৈছে আমি কোনো এটা বিষয়ত যিদৰে চিন্তা কৰোঁ, তাৰ পৰাও দেখুৱাব পাৰোঁ যে আমি যিহোৱাক প্ৰেম কৰোঁ। এয়া সঁচা যে আমি কেতিয়াও যিহোৱাৰ চিন্তাধাৰা সম্পূৰ্ণৰূপে বুজি পাব নোৱাৰোঁ। কিন্তু আমি যদি ‘খ্ৰীষ্টৰ চিন্তাধাৰা’ জানিবলৈ চেষ্টা কৰোঁ, তেনেহʼলে আমি ঈশ্বৰৰ চিন্তাধাৰা ভালদৰে বুজি পাম। কাৰণ যীচুৰ চিন্তাধাৰা নিজৰ পিতৃৰ দৰেই আছিল।—১ কৰি. ২:১৬. w২৫.০৩ ৮ ¶১
বুধবাৰ, ১২ আগষ্ট
ঈশ্বৰে নিজৰ মহা-কৃপাৰ যোগেদি নিজৰ পুত্ৰৰ তেজেৰে মুক্তিৰ মূল্য দি আমাক মুকলি কৰিলে আৰু আমাৰ পাপবোৰ ক্ষমা কৰিলে।—ইফি. ১:৭.
তেওঁ আদমৰ দৰেই সিদ্ধ আছিল। সেইবাবে, তেওঁ আমাৰ বাবে নিজৰ জীৱন বলিদান দি মুক্তিৰ মূল্য দিব পাৰিলেহেঁতেন আৰু আদমে যি হেৰুৱাইছিল সেয়া আকৌ ঘূৰাই পাবলৈ সহায় কৰিব পাৰিলেহেঁতেন। (ৰোম. ৫:১৯; ১ কৰি. ১৫:৪৫) সেই কাৰণে বাইবেলত তেওঁক “শেষ আদম” বুলি কোৱা হৈছে। যীচুৱে “এবাৰেই আৰু সদায় কালৰ কাৰণে নিজকে বলিদান হিচাপে উৎসৰ্গ কৰিলে।” সেইবাবে, এতিয়া আমাক আন কোনো সিদ্ধ ব্যক্তিৰ বলিদানৰ প্ৰয়োজন নাই। (ইব্ৰী ৭:২৭; ১০:১২) এতিয়ালৈকে আমি চালোঁ যে প্ৰায়শ্চিতৰ ব্যৱস্থাৰ জৰিয়তে যিহোৱাই আমাৰ বাবে এটা বাট মুকলি কৰিছে। ইয়াৰ সহায়ত আমি নিজৰ পাপৰ পৰা ক্ষমা পালোঁহেঁতেন আৰু যিহোৱাৰ লগত এক ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰিলোঁহেঁতেন। কিন্তু পাপৰ প্ৰায়শ্চিতৰ বাবে মুক্তিৰ মূল্য দিয়াটো অতি গুৰুত্বপূৰ্ণ আছিল। যীচুৱে আমাৰ বাবে নিজৰ জীৱন বলিদান দি এই মূল্য দিলে।—ইব্ৰী ৯:১৪. w২৫.০২ ৫ ¶১২-১৩