ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
আদৰণি জনাইছোঁ।
যিহোৱাৰ সাক্ষীসকলে ছপা কৰা প্ৰকাশনবোৰ বিভিন্ন ভাষাত চাবলৈ ব্যৱহাৰ কৰা ই এক অনুসন্ধানৰ সঁজুলি।
প্ৰকাশন ডাউনল’ড কৰিবলৈ অনুগ্ৰহ কৰি jw.org যাব পাৰে।
  • আজি

মঙ্গলবাৰ, ২২ ছেপ্টেম্বৰ

[প্ৰেমে] কেৱল নিজৰ লাভৰ বিষয়ে চিন্তা নকৰে।—১ কৰি. ১৩:৫.

যদি কোনো ভাই অহংকাৰৰ বাবে বা নিজকে আনতকৈ ডাঙৰ দেখুৱাবলৈ আগবাঢ়িবলৈ চেষ্টা কৰে, তেনেহʼলে যিহোৱাই তেওঁৰ পৰিশ্ৰমৰ ওপৰত আশীৰ্বাদ নিদিব। (১ কৰি. ১০:২৪, ৩৩; ১৩:৪) কেতিয়াবা কেতিয়াবা যীচুৰ ভাল বন্ধুসকলেও সঠিক উদ্দেশ্যেৰে দায়িত্ব পাবলৈ চেষ্টা কৰা নাছিল। মন কৰক এবাৰ পাঁচনি যোহন আৰু যাকোবে কি কৰিলে। তেওঁলোকে যীচুক তেওঁৰ ৰাজ্যত এক বিশেষ দায়িত্ব দিবলৈ কৈছিল। যীচুক তেওঁলোকৰ কথা ভাল নালাগিল। তেওঁ ১২ জন পাঁচনিক পৰামৰ্শ দিলে, “তোমালোকৰ মাজত যিজনে ডাঙৰ হʼব বিচাৰে, তেওঁ তোমালোকৰ সেৱক হোৱা উচিত। আৰু যি কোনোৱে তোমালোকৰ মাজত প্ৰথম হʼব বিচাৰে, তেওঁ সকলোৰে দাস হোৱা উচিত।” (মাৰ্ক ১০:৩৫-৩৭, ৪৩, ৪৪) যেতিয়া এজন ভায়ে সঠিক উদ্দেশ্যেৰে অৰ্থাৎ ভাই-ভনীসকলক সহায় কৰাৰ উদ্দেশ্যেৰে আগবাঢ়ে, তেনেহʼলে তেওঁ মণ্ডলীৰ বাবে আশীৰ্বাদ হয়।—১ থিচ. ২:৮. w২৪.১১ ১৫-১৬ ¶৭-৮

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক—২০২৬

বুধবাৰ, ২৩ ছেপ্টেম্বৰ

বিনা পৰামৰ্শেৰে কৰা কল্পনা ব্যৰ্থ হয়; কিন্তু মন্ত্ৰীৰ বাহুল্যত সেয়ে সিদ্ধ হয়।—হিতো. ১৫:২২.

যেতিয়া আমি নিৰ্ণয়, তেতিয়া প্ৰেমে ‘তেওঁলোকৰ লাভৰ বিষয়ে চিন্তা কৰিবলৈ’ আৰু নিজৰ সীমাত থাকিবলৈ উৎসাহিত কৰে। (১ কৰি. ১০:২৩, ২৪, ৩২; ১ তীম. ২:৯, ১০) তেতিয়া আমি এনেধৰণৰ নিৰ্ণয় লʼব পাৰিম, যাৰ যোগেদি আমি লোকসকলক প্ৰেম আৰু সন্মান কৰোঁ বুলি দেখুৱাব পাৰিম। যীচুৱে কৈছিল যে কিবা কৰাৰ আগতে খৰচ-পাতিৰ “হিচাপ” কৰা উচিত। (লূক ১৪:২৮) গতিকে মন কৰক যে যদি আপুনি কিবা নিৰ্ণয় লোৱাৰ বিষয়ে ভাবি আছে, তেনেহʼলে আপুনি তাৰ অনুসৰি কাম কৰিবলৈ কি কি কৰিব লাগিব, আপুনি কিমান সময় দিব লাগিব, আপুনি কি কি সঁজুলি ব্যৱহাৰ কৰিব লাগিব আৰু আপোনাৰ কিমান পৰিশ্ৰমৰ প্ৰয়োজন হʼব। কিছুমান বিষয়ত আপুনি হয়তো আপোনাৰ পৰিয়ালৰ লোকসকলৰ লগত কথা পাতিব বিচাৰে যে পৰিয়ালৰ সকলো সদস্যই আপোনাক কেনেকৈ সহায় কৰিব পাৰিব। এইদৰে কৰাটো কিয় ভাল হʼব? কাৰণ এইদৰে কৰিলে আপোনাৰ অনুভৱ হʼব যে আপোনাৰ নিৰ্ণয়ত কিছুমান সাল-সলনি কৰাৰ প্ৰয়োজন আছে বা আন কোনো নিৰ্ণয় লোৱাটো ভাল হʼব। যদি আপুনি আপোনাৰ পৰিয়ালৰ লোকসকলৰ পৰা পৰামৰ্শ লʼব আৰু তেওঁলোকৰ কথা শুনিব, তেনেহʼলে তেওঁলোকে আনন্দেৰে আপোনাক সহায় কৰিব, যাতে আপুনি ভাল নিৰ্ণয় লʼব পাৰে আৰু ভাল পৰিণাম পাব পাৰে। w২৫.০১ ১৮-১৯ ¶১৪-১৫

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক—২০২৬

বৃহস্পতিবাৰ, ২৪ ছেপ্টেম্বৰ

আনন্দ আৰু উল্লাস কৰা।—যিচ. ৬৫:১৮.

যিচয়াই জনাই যে আমি কিয় ‘আনন্দ আৰু উল্লাখ কৰা উচিত।’ কিয়নো ঈশ্বৰে আমাৰ বাবে এই প্ৰমোদবন সৃষ্টি কৰিছে। (যিচ. ৬৫:১৮, ১৯) আমি আন লোকসকলকো এই প্ৰমোদবনত আহিবলৈ সহায় কৰাটো যিহোৱাই বিচাৰে, যাতে তেওঁলোকেও ইয়াৰ আনন্দ লʼব পাৰে। আন সংগঠনবোৰে লোকসকলক যিহোৱাৰ বিষয়ে নিশিকায়। কিন্তু আমি সত্যৰ বিষয়ে জনাৰ বাবে বহুতো আনন্দ লাভ কৰিছোঁ আৰু ইয়াৰ বাবে আমি বহুত কৃতজ্ঞ। সেইবাবে, আনকো ইয়াৰ বিষয়ে জনাবলৈ আমাৰ মন যায়। (যিৰি. ৩১:১২) প্ৰমোদবনৰ দৰে পৰিৱেশত থকা লোকসকলে সদায় জীয়াই থকাৰ আশা পোৱাৰ বাবে কৃতজ্ঞ আৰু আনন্দিত হয়। বাইবেলত লিখা আছে যে ‘অন্যে বাস কৰিবলৈ আমি ঘৰ নাসাজিম, অন্যে ভোগ কৰিবলৈ আমি বাৰী নাপাতিম।’ ‘আমাৰ পৰিশ্ৰম বৃথা নহব,’ কিয়নো যিহোৱাই আমাক আশীৰ্বাদ দিব। যিহোৱাই আমাক প্ৰতিজ্ঞা কৰিছে যে তেওঁ আমাক এনে কাম দিব, যাৰ পৰা আমি আনন্দ লাভ কৰিম। তেওঁ সকলোৰে প্ৰয়োজনীয়তাৰ বিষয়ে জানে আৰু তেওঁ ‘সমূদায় প্ৰাণীৰে বাঞ্চা পূৰ কৰিব।’—যিচ. ৬৫:২০-২৪; গীত. ১৪৫:১৬. w২৪.০৪ ২২-২৩ ¶১১-১২

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক—২০২৬
আদৰণি জনাইছোঁ।
যিহোৱাৰ সাক্ষীসকলে ছপা কৰা প্ৰকাশনবোৰ বিভিন্ন ভাষাত চাবলৈ ব্যৱহাৰ কৰা ই এক অনুসন্ধানৰ সঁজুলি।
প্ৰকাশন ডাউনল’ড কৰিবলৈ অনুগ্ৰহ কৰি jw.org যাব পাৰে।
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2026 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক