ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
আদৰণি জনাইছোঁ।
যিহোৱাৰ সাক্ষীসকলে ছপা কৰা প্ৰকাশনবোৰ বিভিন্ন ভাষাত চাবলৈ ব্যৱহাৰ কৰা ই এক অনুসন্ধানৰ সঁজুলি।
প্ৰকাশন ডাউনল’ড কৰিবলৈ অনুগ্ৰহ কৰি jw.org যাব পাৰে।
ঘোষণা
নতুন ভাষাবোৰত উপলব্ধ:Shilluk, Tsimihety
  • আজি

মঙ্গলবাৰ, ২৮ এপ্ৰিল

খ্ৰীষ্টৰ বিষয়ে আমি যি প্ৰাথমিক শিক্ষা শিকিলোঁ, সেইবোৰ এৰি, আহা আমি পৰিপক্কতাৰ লক্ষ্যৰ ফালে আগবাঢ়ি যাবলৈ মনে-প্ৰাণে চেষ্টা কৰোঁ। আমি যেন আকৌ ভিত্তিমূল স্থাপন নকৰোঁ অৰ্থাৎ আমি আকৌ সেই কথাবোৰ শিকি নাথাকোঁ, যিবোৰ আমি আৰম্ভণিতে শিকিছিলোঁ।—ইব্ৰী ৬:১.

যিহোৱাই জানে যে আমি নিজে নিজে পৰিপক্ক হʼব নোৱাৰোঁ। সেইবাবে তেওঁ মণ্ডলীত ৰখীয়া আৰু শিক্ষক নিযুক্ত কৰিছে। তেওঁলোকে যিহোৱাৰ লগত আমাৰ সম্পৰ্ক মজবুত কৰিবলৈ আমাক সহায় কৰে। তেওঁলোকৰ সহায়ত আমি ‘পৰিপূৰ্ণতাৰ বয়সৰ পুৰুষ হʼব পাৰোঁ’ আৰু ‘খ্ৰীষ্টৰ শৰীৰ বৃদ্ধি লাভ কৰিব পাৰোঁ।’ (ইফি. ৪:১১-১৩) যিহোৱাই আমাক নিজৰ পবিত্ৰ শক্তি দিছে, যাতে আমি ‘খ্ৰীষ্টৰ দৰে চিন্তাধাৰা’ ৰাখিব পাৰোঁ। (১ কৰি. ২:১৪-১৬) ইয়াৰ উপৰিও যিহোৱাই আমাক শুভবাৰ্তাৰ চাৰিখন কিতাপ দিছে, যʼত যীচু খ্ৰীষ্ট কেনেধৰণৰ ব্যক্তি হয় আৰু তেওঁ পৃথিৱীত থকাৰ সময়ত কি কৰিছিল, কি কৈছিল তাৰ বিষয়ে লিখা আছে। যদি আমি এয়া ভালদৰে পঢ়ো আৰু যীচুৰ দৰে চিন্তা কৰিবলৈ আৰু কাম কৰিবলৈ চেষ্টা কৰোঁ, তেনেহʼলে আমি পৰিপক্ক হʼব পাৰিম। পৰিপক্ক খ্ৰীষ্টান হʼবলৈ খ্ৰীষ্টৰ প্ৰাথমিক শিক্ষাবোৰ জনাই যথেষ্ট নহয়। ইয়াৰ ওপৰিও আমি আৰু কিছুমান কথা জনাৰ প্ৰয়োজন। w২৪.০৪ ৪-৫ ¶১১-১২

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৬

বুধবাৰ, ২৯ এপ্ৰিল

সতৰ্কতাই তোমাৰ ওপৰত দৃষ্টি ৰাখিব, বিচাৰ বুদ্ধিয়ে তোমাক পহৰা দিব।—হিতো. ২:১১.

প্ৰতিদিনে আমি বহুতো নিৰ্ণয় লʼবলগীয়া হয়। কিছুমান নিৰ্ণয় লোৱাটো সহজ হয়। যেনে, আমি কি খাম, কেতিয়া শুম। কিন্তু কিছুমান নিৰ্ণয় লʼবলৈ কঠিন হয়, আমি কি কৰিম বুজিয়েই নাপাওঁ। কাৰণ ইয়ে আমাৰ স্বাস্থ্য, আনন্দ আৰু পৰিয়ালৰ লোকসকলৰ ওপৰত, আনকি ইয়ে আমাৰ উপাসনাৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে। আমি এনে নিৰ্ণয় লʼব বিচাৰোঁ, যাৰ পৰা আমাৰ পৰিয়াল আৰু আমাৰ লাভ হয়। আটাইতকৈ ডাঙৰ কথা হৈছে আমাৰ নিৰ্ণয়ৰ পৰা যিহোৱাই আনন্দিত হোৱাটো আমি বিচাৰোঁ। (ৰোম. ১২:১, ২) এটা ভাল নিৰ্ণয় লʼবলৈ হʼলে আপুনি বিষয়টোৰ সম্পূৰ্ণ তথ্য লʼব লাগিব। কিয় বাৰু? চিন্তা কৰক, এজন ব্যক্তিৰ বহুত ডাঙৰ বেমাৰ হৈছে আৰু তেওঁ ডাক্তৰৰ ওচৰলৈ গৈছে। তেতিয়া এজন ভাল ডাক্তৰে লগে লগে তেওঁৰ বাবে কোনটো চিকিৎসা ভাল হʼব, তাৰ বিষয়ে নিৰ্ণয় লোৱাৰ পৰিৱৰ্তে ৰোগীজনৰ পৰীক্ষা কৰে আৰু কিছুমান প্ৰশ্ন সোধে। ঠিক সেইদৰে যদি আপুনি বিষয়টোৰ সম্পূৰ্ণ তথ্য লয়, তেনেহʼলে আপুনি ভাল নিৰ্ণয় লʼব পৰিব। w২৫.০১ ১৪ ¶১-৩

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৬

বৃহস্পতিবাৰ, ৩০ এপ্ৰিল

যিহোৱায়ো তোমাৰ পাপ দূৰ কৰিলে তুমি নমৰিবা।—২ চমূ. ১২:১৩.

যিহোৱাৰ দয়া গুণৰ বিষয়ে আমি কি জানোঁ? ওপৰত আমি আলোচনা কৰিছিলোঁ যে ‘কোনো বিনষ্ট’ হোৱাটো যিহোৱাই নিবিচাৰে। এয়া তেওঁ কেনেকৈ প্ৰমাণ কৰিলে? (২ পিত. ৩:৯) আহক এটা উদাহৰণলৈ মন কৰোঁ। দায়ূদে ব্যভিচাৰ কৰিছিল আৰু তেওঁ এজন ব্যক্তিক হত্যাও কৰাইছিল। কিন্তু যেতিয়া তেওঁ অন্তৰৰ পৰা অনুতাপ কৰিলে, তেতিয়া যিহোৱাই তেওঁক দয়া দেখুৱালে আৰু তেওঁৰ পাপ ক্ষমা কৰিলে। (২ চমূ. ১২:১-১২) ৰজা মনচিয়ে বহুতো ডাঙৰ ডাঙৰ পাপ কৰিছিল। কিন্তু যেতিয়া তেওঁ অন্তৰৰ পৰা অনুতাপ কৰিলে, তেতিয়া যিহোৱাই তেওঁক দয়া দেখুৱালে আৰু তেওঁক ক্ষমা কৰিলে। (২ বং. ৩৩:৯-১৬) এই উদাহৰণবোৰৰ পৰা জানিব পাৰি যে যদি দয়া দেখুৱাৰ কিবা কাৰণ থাকে, তেনেহʼলে যিহোৱাই নিশ্চয় দয়া দেখুৱায়। গতিকে, আমি সম্পূৰ্ণ বিশ্বাসেৰে কʼব পাৰোঁ যে যিসকল লোকে নিজৰ পাপ স্বীকাৰ কৰিলে আৰু অন্তৰৰ পৰা অনুতাপ কৰিলে, যিহোৱাই তেওঁলোকক আকৌ জীয়াই তুলিব। w২৪.০৫ ৪ ¶১২

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৬
আদৰণি জনাইছোঁ।
যিহোৱাৰ সাক্ষীসকলে ছপা কৰা প্ৰকাশনবোৰ বিভিন্ন ভাষাত চাবলৈ ব্যৱহাৰ কৰা ই এক অনুসন্ধানৰ সঁজুলি।
প্ৰকাশন ডাউনল’ড কৰিবলৈ অনুগ্ৰহ কৰি jw.org যাব পাৰে।
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2026 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক