যোহনলৈ দিয়া প্ৰকাশিত বাক্য
১৩ আৰু সি* সমুদ্ৰৰ বালিত গৈ থিয় হʼল।
আৰু মই এটা বনৰীয়া জন্তুক সমুদ্ৰৰ পৰা ওলাই অহা দেখিলোঁ, যাৰ দহটা শিং আৰু সাতটা মূৰ আছিল। তাৰ শিংবোৰত দহটা কিৰীটি আছিল, কিন্তু তাৰ মূৰবোৰত ঈশ্বৰক নিন্দা কৰা নাম লিখা আছিল। ২ মই যি বনৰীয়া জন্তু দেখিলোঁ, সেয়া দেখাত এটা নাহৰফুটুকী বাঘৰ নিচিনা আছিল, কিন্তু তাৰ ভৰি ভালুকৰ নিচিনা আৰু তাৰ মুখ সিংহৰ মুখৰ নিচিনা আছিল। আৰু অজগৰে তাক শক্তি, সিংহাসন আৰু ডাঙৰ অধিকাৰ দিছিল।
৩ পাছত মই দেখাত এনে লাগিল যেন তাৰ এটা মূৰ বেয়াকৈ আঘাত কৰা হৈছিল, কিন্তু সেই মৃত্যুজনক ঘা সুস্থ কৰা হʼল আৰু গোটেই পৃথিৱীয়ে সেই বনৰীয়া জন্তুৰ প্ৰশংসা কৰি কৰি তাৰ পিছে পিছে গʼল। ৪ আৰু তেওঁলোকে অজগৰৰ পূজা কৰিলে, কিয়নো সি বনৰীয়া জন্তুক অধিকাৰ দিছিল। আৰু সিহঁতে এইদৰে কৈ বনৰীয়া জন্তুৰ পূজা কৰিলে, “এই বনৰীয়া জন্তুৰ দৰে কোন আছে আৰু কোনে ইয়াৰ লগত যুদ্ধ কৰিব পাৰে?” ৫ তাক ডাঙৰ ডাঙৰ কথা কʼবলৈ আৰু ঈশ্বৰৰ নিন্দা কৰিবলৈ এখন মুখ দিয়া হʼল আৰু তাক ৪২ মাহলৈকে নিজৰ ইচ্ছামতে কাম কৰিবলৈ অধিকাৰ দিয়া হʼল। ৬ আৰু সি ঈশ্বৰৰ নিন্দা কৰিবলৈ নিজৰ মুখ মেলে যাতে সি তেওঁৰ নাম, তেওঁৰ বাসস্থান, আনকি স্বৰ্গত থকাসকলৰ নিন্দা কৰিব পাৰে। ৭ আৰু তাক পবিত্ৰ লোকসকলৰ লগত যুদ্ধ কৰিবলৈ আৰু তেওঁলোকক জয়ী কৰিবলৈ অনুমতি দিয়া হʼল আৰু প্ৰতিটো গোষ্ঠী, জাতি, ভাষা আৰু ৰাষ্ট্ৰৰ লোকসকলৰ ওপৰত অধিকাৰ দিয়া হʼল। ৮ আৰু পৃথিৱীত থকা সকলোৱে তাৰ পূজা কৰিব। তেওঁলোকৰ মাজৰ এজনৰো নাম বলি কৰা ভেড়া পোৱালিৰ জীৱনৰ কিতাপত* লিখা নহʼল, যি জগতৰ আৰম্ভণিৰে পৰা লিখা হৈ আছে।
৯ কাণ পাতি শুনা যে কি কোৱা হৈছে। ১০ যদি কাৰোবাক বন্দী কৰিবলগীয়া আছে, তেনেহʼলে তেওঁক বন্দী কৰা হʼব। কোনোৱে যদি কাৰোবাক তৰোৱালেৰে হত্যা কৰে,* তেনেহʼলে তেওঁক তৰোৱালেৰে হত্যা কৰিব লাগিব। এই কাৰণে পবিত্ৰ লোকসকলে ধৈৰ্য্য ধৰা আৰু বিশ্বাস কৰাটো প্ৰয়োজন।
১১ তাৰ পাছত মই আৰু এটা বনৰীয়া জন্তুক পৃথিৱীৰ পৰা ওপৰলৈ অহা দেখিলোঁ। তাৰ ভেড়া পোৱালিৰ শিঙৰ নিচিনা দুটা শিং আছিল, কিন্তু সি অজগৰৰ দৰে কথা কʼবলৈ ধৰিলে। ১২ আৰু সেই জন্তুৱে প্ৰথম বনৰীয়া জন্তুৰ ওচৰত তাৰ সকলো অধিকাৰ চলায়। আৰু সি পৃথিৱী আৰু তাত থকা লোকসকলক সেই প্ৰথম বনৰীয়া জন্তুৰ পূজা কৰায়, যাৰ মৃত্যুজনক ঘা সুস্থ হৈ গৈছিল। ১৩ আৰু সেই জন্তুৱে ডাঙৰ ডাঙৰ চমৎকাৰ কৰে, আনকি সি লোকসকলৰ আগত আকাশৰ পৰা পৃথিৱীলৈ জুই বৰষায়।
১৪ তাক বনৰীয়া জন্তুৰ আগত চমৎকাৰ কৰিবলৈ অনুমতি দিয়া হৈছিল আৰু সি চমৎকাৰ দেখুৱাই পৃথিৱীত থকা লোকসকলক ভুল পথলৈ নিয়ে। লগতে সি সেই বনৰীয়া জন্তুৰ মূৰ্তি বনাবলৈ পৃথিৱীত থকা লোকসকলক কয়, যি তৰোৱালেৰে আঘাত পোৱাৰ পাছতো বাচি গৈছিল। ১৫ আৰু তাক বনৰীয়া জন্তুৰ মূৰ্তিত জীৱন দিবলৈ অনুমতি দিয়া হʼল যাতে তাৰ মূৰ্তিয়ে কথা কʼব পাৰে আৰু সেই সকলোকে মাৰি পেলায়, যিসকলে বনৰীয়া জন্তুৰ মূৰ্তিক পূজা কৰিবলৈ অস্বীকাৰ কৰে।
১৬ সেই জন্তুৱে সৰু আৰু ডাঙৰ, দুখীয়া আৰু ধনী, স্বাধীন আৰু দাস সকলোৰে সোঁহাতত বা কপালত চিন লগাবলৈ তেওঁলোকৰ লগত জোৰ-জবৰদস্তি কৰে ১৭ আৰু যিজনৰ এই চিন অৰ্থাৎ বনৰীয়া জন্তুৰ নাম বা তাৰ নামৰ সংখ্যা নাথাকে, তেওঁ কিনিবও নোৱাৰে আৰু বেচিবও নোৱাৰে। ১৮ এই কথা বুজিবলৈ বুদ্ধিৰ প্ৰয়োজন: যিজনৰ অন্তৰ্দৃষ্টি আছে, তেওঁ সেই বনৰীয়া জন্তুৰ সংখ্যাৰ হিচাপ কৰক, কাৰণ এয়া এজন মানুহৰ সংখ্যা হয় আৰু ইয়াৰ সংখ্যা হৈছে ৬৬৬.