বুধবাৰ, ২৯ এপ্ৰিল
সতৰ্কতাই তোমাৰ ওপৰত দৃষ্টি ৰাখিব, বিচাৰ বুদ্ধিয়ে তোমাক পহৰা দিব।—হিতো. ২:১১.
প্ৰতিদিনে আমি বহুতো নিৰ্ণয় লʼবলগীয়া হয়। কিছুমান নিৰ্ণয় লোৱাটো সহজ হয়। যেনে, আমি কি খাম, কেতিয়া শুম। কিন্তু কিছুমান নিৰ্ণয় লʼবলৈ কঠিন হয়, আমি কি কৰিম বুজিয়েই নাপাওঁ। কাৰণ ইয়ে আমাৰ স্বাস্থ্য, আনন্দ আৰু পৰিয়ালৰ লোকসকলৰ ওপৰত, আনকি ইয়ে আমাৰ উপাসনাৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে। আমি এনে নিৰ্ণয় লʼব বিচাৰোঁ, যাৰ পৰা আমাৰ পৰিয়াল আৰু আমাৰ লাভ হয়। আটাইতকৈ ডাঙৰ কথা হৈছে আমাৰ নিৰ্ণয়ৰ পৰা যিহোৱাই আনন্দিত হোৱাটো আমি বিচাৰোঁ। (ৰোম. ১২:১, ২) এটা ভাল নিৰ্ণয় লʼবলৈ হʼলে আপুনি বিষয়টোৰ সম্পূৰ্ণ তথ্য লʼব লাগিব। কিয় বাৰু? চিন্তা কৰক, এজন ব্যক্তিৰ বহুত ডাঙৰ বেমাৰ হৈছে আৰু তেওঁ ডাক্তৰৰ ওচৰলৈ গৈছে। তেতিয়া এজন ভাল ডাক্তৰে লগে লগে তেওঁৰ বাবে কোনটো চিকিৎসা ভাল হʼব, তাৰ বিষয়ে নিৰ্ণয় লোৱাৰ পৰিৱৰ্তে ৰোগীজনৰ পৰীক্ষা কৰে আৰু কিছুমান প্ৰশ্ন সোধে। ঠিক সেইদৰে যদি আপুনি বিষয়টোৰ সম্পূৰ্ণ তথ্য লয়, তেনেহʼলে আপুনি ভাল নিৰ্ণয় লʼব পৰিব। w২৫.০১ ১৪ ¶১-৩
এপ্ৰিল ২৭–মে’ ৩
যিচয়া ৫৬-৫৭
গীত নং ২ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)
১. আমি বহুত আনন্দিত যে যিহোৱা আমাৰ ঈশ্বৰ
(১০ মি.)
মূৰ্তিয়ে সেই লোকসকলক বচাব নোৱাৰে যিসকলে তেওঁৰ পৰা সহায় বিচাৰে (যিচ ৫৭:১৩; ip-২-HI ২৬৯-২৭০ ¶১৪-১৬)
যিসকলে যিহোৱাক নাজানে তেওঁলোকৰ মাজত বিভেদ আৰু অশান্তি হয় (যিচ ৫৭:২০; w১৮.০৬-HI ৭ ¶১৬)
দুষ্টসকলে কেতিয়াও শান্তি নাপায় (যিচ ৫৭:২১; it “শান্তি” ¶৩-mwbr-HI)
নিজকে সোধক, যিহোৱাৰ লগত এটা ভাল সম্পৰ্ক হোৱাৰ বাবে মই কেনেকৈ এটা ভাল জীৱন-জাপন কৰিব পাৰিছো?
২. আধ্যাত্মিক ৰত্ন বিচাৰক
(১০ মি.)
যিচ ৫৬:৬, ৭—এই ভৱিষ্যবাণী কেনেকৈ পূৰ হʼল? (w২১.০৭ ২৩ ¶১১)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?
৩. বাইবেল পাঠ
(৪ মি.) যিচ ৫৬:৪-১২ (শিক্ষা অধ্যায় ৫)
৪. কথা-বতৰা আৰম্ভ কৰক
(৩ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। ব্যক্তিজনক অলপতে হোৱা সভাত আপুনি কি শিকিলে তাৰ বিষয়ে কওক। (লোকসকলক প্ৰেম কৰক পাঠ ২ ভাগ ৪)
৫. আপুনি কি বিশ্বাস কৰে বুজাওক
(৫ মি.) ভাষণ। ijwbq লেখ ৯০—বিষয়: কোনো সংগঠন বা ধৰ্মৰ লগত জড়িত হোৱাটো প্ৰয়োজন নে? (শিক্ষা অধ্যায় ১৬)
৬. বাইবেল অধ্যয়ন কৰক
গীত নং ৫৬
৭. যিহোৱাৰ বিষয়ে জনাবলৈ কেতিয়াও নেৰিব
(১৫ মি.) আলোচনা।
যিসকলে যিহোৱাৰ বিষয়ে নাজানে, তেওঁলোকক সঠিক পথ দেখুৱাবলৈ কোনো নাথাকে, তেওঁলোকৰ জীৱনৰ কোনো উদ্দেশ্য নাথাকে আৰু ভাল ভৱিষ্যৎৰ আশাও নাথাকে। তথাপিও বহুতো লোকে এয়া নাজানে যে সত্য তেওঁলোকৰ বাবে কিমান লাভৱান, সেইবাবে তেওঁলোকে এই বাৰ্তা নুশুনে। কিন্তু আমি হাৰ নামানো আৰু প্ৰচাৰ কৰি থাকো। (উপ ১১:৬) কিয়? ইয়াৰ কিছুমান কাৰণ তলত দিয়া হৈছে।
লোকসকলে ঘৰ সলনি কৰি থাকে। যিসকলে আমাৰ বাৰ্তা নুশুনে তেওঁলোকে হয়তো বেলেগ ঠাইত থাকিবলৈ গুচি যায়। আৰু তেওঁলোকৰ ঠাইত অহা নতুন কোনোবাই হয়তো আমাৰ বাৰ্তা শুনে
দুৱাৰত হয়তো আন কোনোবাই ওলাই আহে। অহাবাৰ হয়তো গৃহস্থৰ বৃদ্ধ মা বা দেউতা, লʼৰা-ছোৱালী যিসকল ডাঙৰ হৈ গৈছে, কোনো নতুন ৰুম-মেট বা আলহীয়ে দুৱাৰ খোলিব পাৰে
লোকসকলৰ পৰিস্থিতি সলনি হৈ যায়। (১তীম ১:১৩) জগতৰ বেয়া পৰিস্থিতি দেখি বা কোনো ঘটনাৰ বাবে কিছুমানে সলনি হʼব পাৰে আৰু হয়তো তেওঁলোকে আমাৰ শুভবাৰ্তা শুনিবলৈ সাজু হʼব পাৰে
যিহোৱা “কাৰো পৰা দূৰ নহয়” ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:
সমস্যাবোৰৰ সত্ত্বেও প্ৰচাৰ কৰি থকাৰ বিষয়ে আপুনি কি কি শিকিলে?
৮. মণ্ডলীৰ বাইবেল অধ্যয়ন
(৩০ মি.) বাইবেলৰ পৰা শিকোঁ পাঠ ৮০-৮১