বুধবাৰ, ২০ নৱেম্বৰ
যিহোৱালৈ উলটি আহক। —যিচ. ৫৫:৭.
যিহোৱাই যেতিয়া ক্ষমা কৰিব বিচাৰে তেতিয়া তেওঁ আন এটা কথালৈ মন কৰে, সেয়া হৈছে এজন ব্যক্তিয়ে যি কৰি আছে, সেয়া ভুল হয় বুলি তেওঁ জানেনে? যীচুৱেও এই বিষয়ে লূক ১২:৪৭, ৪৮ পদত কৈছে। যদি এজন ব্যক্তিয়ে এনে কাম কৰিবলৈ ষড়যন্ত্ৰ কৰে, যি যিহোৱাই ঘৃণা কৰে, তেনেহʼলে তেওঁ গম্ভীৰ পাপ কৰে। এনে ক্ষেত্ৰত হয়তো যিহোৱাই তেওঁক ক্ষমা নকৰিবও পাৰে। (মাৰ্ক ৩:২৯; যোহ. ৯:৪১) যদি যিহোৱাই আমাক ক্ষমা কৰাটো বিচাৰোঁ, তেনেহʼলে আমি কি কৰিব লাগিব। যিহোৱাই পাপ কৰা ব্যক্তিজনে হৃদয়ৰ পৰা অনুতাপ কৰিছে নে নাই সেয়া মন কৰে। অনুতাপ কৰাৰ অৰ্থ হৈছে “নিজৰ ভুল চিন্তাধাৰা আৰু ভুল আচাৰ-ব্যৱহাৰ শুধৰণি কৰা।” যিজন ব্যক্তিয়ে অনুতাপ কৰে, তেওঁ নিজৰ ভুল কাম বা যি সঠিক কাম কৰাৰ প্ৰয়োজন আছিল কিন্তু নকৰিলে, তাৰ বিষয়ে দুখ কৰে। ইয়াৰ লগতে যিহোৱাৰ লগত থকা তেওঁৰ সম্পৰ্ক ইমানে দুৰ্বল হৈছিল যে তেওঁ পাপ কৰিলে, ইয়াৰ বিষয়েও চিন্তা কৰি তেওঁ বৰ দুখ কৰে। w২২.০৬ ৫-৬ ¶১৫-১৭
বৃহস্পতিবাৰ, ২১ নৱেম্বৰ
বাস্তৱিক খ্ৰীষ্ট্ যীচুত ভক্তিভাৱে জীৱন ধাৰণ কৰিবলৈ ইচ্ছা কৰা সকলোবিলাকে তাড়না পাব।—২ তীম. ৩:১২.
আমাৰ কামক বিৰোধ কৰা লোকসকলে যিহোৱাৰ সংগঠনত নেতৃত্ব লোৱা ভাইসকলৰ বিষয়ে মিছা কথা কয়। (গীত. ৩১:১৩) কিছুমান ভাইক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁলোক অপৰাধী হয় বুলি মিছা অভিযোগ কৰা হৈছে। প্ৰথম শতিকাত পৌলৰ লগতো এইদৰেই হৈছিল। তেওঁৰ ওপৰত মিছা অভিযোগ কৰা হৈছিল আৰু তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। যেতিয়া পৌল ৰোমত বন্দী হৈ আছিল, তেতিয়া কিছুমান ভাই-ভনীয়ে তেওঁৰ পৰা আঁতৰি আঁতৰি থাকিছিল। (২ তীম. ১:৮, ১৫; ২:৮, ৯) চিন্তা কৰক এয়া দেখি পৌলৰ কেনে অনুভৱ হৈছিল। পৌলে তেওঁলোকৰ বাবে বহুত পৰিশ্ৰম কৰিছিল। আনকি নিজৰ জীৱনো বিপদত পেলাইছিল। (পাঁচ. ২০:১৮-২১; ২ কৰি. ১:৮) যেতিয়া পৌলক তেওঁলোকৰ অতি প্ৰয়োজন আছিল, সেই সময়ত তেওঁলোকে পৌলৰ পৰা আঁতৰি গৈছিল। আমি সেই ভাই-ভনীসকলৰ দৰে হʼব নিবিচাৰোঁ। নেতৃত্ব লোৱা ভাইসকলক চয়তানে অত্যাচাৰ কৰা দেখি আমি আচৰিত হোৱাৰ প্ৰয়োজন নাই। সেই ভাইসকলে যাতে যিহোৱাৰ বিশ্বাসী হৈ নাথাকে আৰু যেতিয়া আমি তেওঁলোকৰ লগত অত্যাচাৰ হোৱা দেখোঁ, তেতিয়া আমি ভয় খোৱাটো চয়তানে বিচাৰে। (১ পিত. ৫:৮) নেতৃত্ব লোৱা ভাইসকলৰ লগ নেৰিব আৰু তেওঁলোকক সহায় কৰি থাকক।—২ তীম. ১:১৬-১৮. w২২.১১ ১৬-১৭ ¶৮-১১
শুক্ৰবাৰ, ২২ নৱেম্বৰ
তুমি . . . ঈশ্বৰলৈ ভয় নকৰা নে? —লূক ২৩:৪০.
যীচুৰ ওপৰত বিশ্বাস কৰা অপৰাধীজন হয়তো যিহূদী আছিল। এয়া আমি কিয় কʼব পাৰোঁ? যিহূদীসকলে বিশ্বাস কৰিছিল যে এজনেই ঈশ্বৰ আছে কিন্তু পৰজাতিসকলে বহুতো ঈশ্বৰৰ ওপৰত বিশ্বাস কৰিছিল। (যাত্ৰা. ২০:২, ৩; ১ কৰি. ৮:৫, ৬) যদি সেই অপৰাধীজন পৰজাতি হোৱা হʼলে তেওঁ আন অপৰাধীজনক আজিৰ পাঠত উল্লেখ থকা প্ৰশ্নটি নুশুধিলেহেঁতেন, ‘তুমি ঈশ্বৰবোৰলৈ ভয় নকৰা নে?’ কিন্তু তেওঁ এইদৰে কোৱা নাছিল। আন এটা কথালৈ মন কৰক সাধাৰণতে যীচুৱে পৰজাতিসকলক প্ৰচাৰ কৰা নাছিল, কাৰণ তেওঁক “ইস্ৰায়েল-বংশৰ হেৰোৱা মেৰৰ” ওচৰলৈহে পঠোৱা হৈছিল। (মথি ১৫:২৪) ইয়াৰ উপৰিও মৃত লোকসকলক পুনৰ জীৱিত কৰা হʼব বুলি যিহোৱাই কেৱল ইস্ৰায়েলীসকলকহে জনাইছিল। সেই অপৰাধীজনেও হয়তো ইয়াৰ বিষয়ে জানিছিল। তেওঁ যীচুৰ লগত যিদৰে কথা পাতিছিল, তাৰ পৰা জানিব পাৰি যে তেওঁ হয়তো ভাবিছিল যিহোৱাই যীচুকো জীৱিত কৰিব আৰু তেওঁক নিজৰ ৰাজ্যৰ ৰজা বনাব। যিহোৱাই তেওঁকো জীৱিত কৰিব বুলি তেওঁ বিশ্বাস কৰিছিল। এজন যিহূদী হিচাপে অপৰাধীজনে হয়তো আদম আৰু হৱাৰ বিষয়ে ভালদৰে জানিছিল। ইয়াৰ উপৰিও যিহোৱাই আদম আৰু হৱাৰ বাবে এই পৃথিৱীতে ধুনীয়া প্ৰমোদবন বনাইছিল, তাৰ বিষয়েও হয়তো তেওঁ জানিছিল। যেতিয়া যীচুৱে লূক ২৩:৪৩ পদত প্ৰমোদবনৰ বিষয়ে কৈছিল, তেতিয়া তেওঁ এখন ধুনীয়া পৃথিৱীৰ বিষয়ে ভাবিছিল।—আদি. ২:১৫. w২২.১২ ৮-৯ ¶২-৩