নৱেম্বৰ
শুক্ৰবাৰ, ১ নৱেম্বৰ
তোমালোকৰ মুখৰ পৰা কোনো বেয়া কথা নোলাওক, কিন্তু শুনাবিলাকক অনুগ্ৰহ দান কৰিবলৈ, প্ৰয়োজনমতে ধৰ্ম্মত বৃদ্ধি কৰিবলৈ ভাল কথা ওলাওক।—ইফি. ৪:২৯.
আমি জানোঁ যে আমি গালি-শপনি দিয়া উচিত নহয়। আমি এনে কথা কোৱাও উচিত নহয়, যাৰ পৰা আনৰ অপমান হয়। আমি হয়তো জানি-শুনি এইদৰে নকৰোঁ, কিন্তু অজানিতে হয়তো এইদৰে হʼব পাৰে। যেনে, আমি আন সংস্কৃতি, জাতি বা দেশৰ লোকসকলৰ বিষয়ে কথা পতাৰ সময়ত হয়তো তেওঁলোকৰ বিষয়ে বেয়াকৈ কʼব পাৰোঁ বা আমি কাৰোবাক ঠাট্টা-মস্কৰা কৰিব পাৰোঁ বা আঘাত লগাকৈ কথা কʼব পাৰোঁ। নিজৰ কথাৰ পৰা আনক উৎসাহিত কৰক। সকলো সময়তে অভিযোগ কৰা আৰু আনৰ মাজত খুঁত বিচাৰি ফুৰাৰ পৰিৱৰ্তে তেওঁলোকৰ প্ৰশংসা কৰক। ইস্ৰায়েলীসকলে বহুতো আশীৰ্বাদ লাভ কৰিছিল। তথাপি তেওঁলোকে অভিযোগ কৰিছিল। প্ৰায়ে দেখিবলৈ পোৱা যায় যে এজন ব্যক্তিয়ে অভিযোগ কৰা দেখি আন লোকসকলেও অভিযোগ কৰিবলৈ ধৰে। আপোনাৰ হয়তো মনত আছে ১০ জন চোৰাংচোৱাসকলে প্ৰতিজ্ঞা কৰা দেশৰ বিষয়ে বেয়াকৈ কʼবলৈ ধৰিলে, তেতিয়া এয়া শুনি ‘ইস্ৰায়েলৰ সন্তানবিলাকৰ সকলোৱে মোচিৰ অহিতে বকিবলৈ ধৰিলে।’ (গণ. ১৩:৩১–১৪:৪) কিন্তু অভিযোগ কৰাৰ পৰিৱৰ্তে যদি আমি উৎসাহিত কৰা কথাবোৰ কওঁ, তেনেহʼলে সকলোৰে ওপৰত ইয়াৰ ভাল প্ৰভাৱ পৰিব। সেইবাবে, সুযোগ পালে আনক হৃদয়ৰ পৰা প্ৰশংসা কৰক। w২২.০৪ ৮ ¶১৬-১৭
শনিবাৰ, ২ নৱেম্বৰ
গৰ্ভৰে পৰা মই তোমাত অপিত হলোঁ; মোৰ মাতৃ-গৰ্ভৰ পৰাই তুমি মোৰ ঈশ্বৰ। —গীত. ২২:১০.
প্ৰাচীন সময়ৰ পৰা এতিয়ালৈকে যিহোৱাই বহুতো লʼৰা-ছোৱালীক তেওঁৰ বন্ধু হʼবলৈ সহায় কৰিছে। আপোনাৰ লʼৰা-ছোৱালীয়ে যদি আধ্যাত্মিকভাৱে উন্নতি কৰিব বিচাৰে, তেনেহʼলে যিহোৱাই তেওঁলোককো সহায় কৰিব। (১ কৰি. ৩:৬, ৭) আপোনাৰ লʼৰা-ছোৱালী সত্যৰ পথৰ পৰা বিচলিত হʼলেও যিহোৱাই তেওঁলোকক প্ৰেম কৰি থাকিব আৰু তেওঁলোকৰ ওপৰত ধ্যান দিব। (গীত. ১১:৪) যেতিয়া যিহোৱাই দেখে যে তেওঁৰ মনটো ভাল আৰু তেওঁ যিহোৱাৰ সেৱা কৰিব বিচাৰে, তেতিয়া যিহোৱাই তেওঁক লগে লগে সহায় কৰে। (পাঁচ. ১৩:৪৮; ২ বং. ১৬:৯) তেওঁক সঠিক সময়ত সঠিক কথা কʼবলৈ হয়তো যিহোৱাই আপোনাক অনুপ্ৰাণিত কৰিব পাৰে। (হিতো. ১৫:২৩) ইয়াৰ উপৰিও তেওঁৰ প্ৰতি ধ্যান দিবলৈ আৰু তেওঁক উৎসাহিত কৰিবলৈ যিহোৱাই আন ভাই বা ভনীক অনুপ্ৰাণিত কৰিব পাৰে। যদি আপোনাৰ লʼৰা-ছোৱালীয়ে বৰ্তমান যিহোৱাৰ সেৱা কৰা নাই, তেনেহʼলে হাৰ নামানিব। যিহোৱাই বহুবছৰৰ পাছতো তেওঁলোকক সেই সকলো কথা মনত পেলাই দিব পাৰে, যিবোৰ আপুনি তেওঁক সৰুতে শিকাইছিল। (যোহ. ১৪:২৬) সেইবাবে, আপুনি নিজৰ কথা আৰু কামৰ যোগেদি নিজৰ লʼৰা-ছোৱালীক শিকাই থাকক। এইদৰে কৰিলে যিহোৱাই আপোনাৰ পৰিশ্ৰমত নিশ্চয় আশীৰ্বাদ দিব। w২২.০৪ ২০-২৯ ¶১৮
দেওবাৰ, ৩ নৱেম্বৰ
সেই নাগৰ খং উঠিল।—প্ৰকা. ১২:১৭.
যেতিয়াৰে পৰা চয়তানে স্বৰ্গলৈ উভটি যাব নোৱাৰা হʼল, সেই সময়ৰ পৰা সি বহুত খঙত আছে আৰু পৃথিৱীত বাকী থকা অভিষিক্ত খ্ৰীষ্টানসকলৰ ওপৰত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিলে। চয়তানে জানে যে অভিষিক্ত খ্ৰীষ্টানসকলে “যীচুৰ সাক্ষ্য” দিয়াৰ দায়িত্ব পাইছে আৰু তেওঁলোকে পাছলৈ ঈশ্বৰৰ ৰাজ্যত শাসন কৰিব। সেইবাবে, চয়তানে তেওঁলোকৰ ওপৰত এটাৰ পাছত এটা অত্যাচাৰ কৰিবলৈ ধৰিলে। (২ কৰি. ৫:২০; ইফি. ৬:১৯, ২০) ১৯১৮ চনত নেতৃত্ব লোৱা আঠজন লোকক মিছা অভিযোগ কৰা হʼল আৰু তেওঁলোকক বহুবছৰলৈকে জেইলত শাস্তি দিয়া হʼল। সেইসময়ত এনে লাগিছিল যেন প্ৰচাৰ কাম একেবাৰে বন্ধ হৈ পৰিছে। (প্ৰকা. ১১:৩, ৭-১১) নেতৃত্ব লোৱা ভাইসকলক জেইলত বন্দী কৰা ঠিক পিছৰ বছৰতে অৰ্থাৎ ১৯১৯ চনত তেওঁলোকক মুকলি কৰা হʼল আৰু তেওঁলোকৰ ওপৰত কৰা সকলোবোৰ অভিযোগ আঁতৰোৱা হʼল। জেইলৰ পৰা মুকলি হোৱাৰ লগে লগে তেওঁলোকে উৎসাহেৰে প্ৰচাৰ কাম কৰিবলৈ ধৰিলে। কিন্তু চয়তানে মনে মনে থকা নাছিল। সি ঈশ্বৰৰ লোকসকলৰ ওপৰত যেন ‘নদীৰ নিচিনা পানীৰ সোঁত’ এৰি দিলে অৰ্থাৎ সি ঈশ্বৰৰ লোকসকলৰ ওপৰত একেৰাহে অত্যাচাৰ কৰি আছে। (প্ৰকা. ১২:১৫) সেইবাবে, আমি প্ৰতিজনে ‘ধৈৰ্য্য ধৰা আৰু বিশ্বাস ৰখা’ উচিত।—প্ৰকা. ১৩:১০. w২২.০৫ ৫-৬ ¶১৪-১৬
সোমবাৰ, ৪ নৱেম্বৰ
সেই ছাব মৰাবিলাকৰ সংখ্যা শুনিলোঁ; . . . এক লাখ চৌৱাল্লিশ হাজাৰ ছাব মৰা হল।—প্ৰকা. ৭:৪.
পাঁচনি যোহনে এটা দৰ্শনত দুটা সমূহৰ লোকসকলক দেখে, যিসকলে যিহোৱাৰ ৰাজ্যক সমৰ্থন কৰে আৰু তেওঁলোকক অনন্ত জীৱন দিয়া হʼব। প্ৰথম সমূহত ১,৪৪,০০০ জন লোক আছে। স্বৰ্গলৈ গৈ যীচুৰ লগত চৰকাৰ বা ৰাজ্য গঠন কৰিবলৈ তেওঁলোকক পৃথিৱীৰ পৰা বাছনি কৰা হৈছে। তেওঁলোকে যীচুৰ লগত স্বৰ্গৰ পৰা পৃথিৱীৰ লোকসকলৰ ওপৰত শাসন কৰিব। (প্ৰকা. ৫:৯, ১০; ১৪:৩, ৪) যোহনে দৰ্শনত দেখা পাই যে এই ১,৪৪,০০০ জন লোকে যীচুৰ লগত চিয়োন পৰ্বত অৰ্থাৎ স্বৰ্গত থিয় হৈ আছে। (প্ৰকা. ১৪:১) প্ৰথম শতিকাৰে পৰা ১,৪৪,০০০ জন লোকক বাছনি কৰা আৰম্ভ হʼল আৰু এতিয়ালৈকে ইয়াৰ মাজৰ হাজাৰ হাজাৰ লোক স্বৰ্গলৈ গʼল। (লূক ১২:৩২; ৰোম. ৮:১৭) যোহনক কোৱা হৈছিল যে শেষ-কালত পৃথিৱীত ইয়াৰ মাজৰ কিছুমান লোক “অৱশিষ্ট” অৰ্থাৎ বাকী থাকিব। মহা-ক্লেশ আৰম্ভ হোৱাৰ আগতে তেওঁলোকৰ ওপৰত শেষৰ “ছাব” মৰা হʼব। (প্ৰকা. ১২:১৭) ইয়াৰ পাছত মহা-ক্লেশৰ সময়ছোৱাত তেওঁলোকক স্বৰ্গলৈ নিয়া হʼব। সকলো ১,৪৪,০০০ জন লোকে যীচুৰ লগত মিলি ঈশ্বৰৰ ৰাজ্যত শাসন কৰিব।—মথি ২৪:৩১; প্ৰকা. ৫:৯, ১০. w২২.০৫ ১৬ ¶৪-৫
মঙ্গলবাৰ, ৫ নৱেম্বৰ
মোৰ আজ্ঞাত মন দিয়া!—যিচ. ৪৮:১৮.
আমি নম্ৰ হʼব লাগে, কিন্তু আমি কোনো কামৰ যোগ্য নহয় আৰু আমাৰ কোনো মূল্য নাই বুলিও ভবা উচিত নহয়। যীচুৱেও এই কথা শিকাইছিল। এবাৰ তেওঁ এইদৰে কৈছিল, “তোমালোকৰ মূৰৰ আটাইবোৰ চুলিও গণা হৈছে।” (মথি ১০:৩০) এই পদৰ পৰা আমাৰ বিশ্বাস বাঢ়ে যে যিহোৱাই আমাৰ কিমান যত্ন লয় আৰু তেওঁৰ দৃষ্টিত আমি বহুত মূল্যৱান হওঁ। সেইবাবে, যদি যিহোৱাই আমাক তেওঁৰ সেৱক হʼবলৈ আৰু অনন্ত জীৱন জীয়াই থাকিবলৈ বাছনি কৰিছে, তেনেহʼলে তেওঁৰ এই নিৰ্ণয়ত আমি কেতিয়াও প্ৰশ্ন কৰিব নালাগে। প্ৰায় ১৫ বছৰৰ আগতে এখন প্ৰহৰীদুৰ্গত কোৱা হৈছিল যে যদি আমি নিজৰ বিষয়ে সঠিক দৃষ্টিভংগী ৰাখোঁ, তেনেহʼলে আমাৰ নিজৰে লাভ হʼব। তাত এইদৰে লিখা আছিল, “অৱশ্যে আমি নিজকে ইমানে বৰ বুলি নাভাবিম, যাৰ বাবে আমি অহংকাৰী হৈ পৰিব পাৰোঁ আৰু নিজকে একেবাৰে তুচ্ছ্য বুলি গণ্য নকৰিম। ইয়াৰ পৰিৱৰ্তে আমি নিজৰ ভাল গুণবোৰ আৰু দুৰ্বলতাবোৰ মনত ৰাখি নিজৰ বিষয়ে সঠিক দৃষ্টিভংগী ৰাখিবলৈ চেষ্টা কৰা উচিত।” w২২.০৫ ২৪-২৫ ¶১৪-১৬
বুধবাৰ, ৬ নৱেম্বৰ
মই নিবেদন কৰোঁ . . . তেওঁবিলাক সকলো এক হয়।—যোহ. ১৭:২০, ২১.
যিহোৱাৰ সংগঠনত একতা বজাই ৰাখিবলৈ আমি সকলোৱে কি কৰিব পাৰোঁ? আমি এজনে-আনজনৰ মাজত শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰিব পাৰোঁ। (মথি ৫:৯; ৰোম. ১২:১৮) যেতিয়া আমি এনে কৰোঁ, তেতিয়া লাক্ষণিক প্ৰমোদবন আৰু ধুনীয়া হৈ পৰে। আমি মনত ৰখা উচিত যে সকলো ভাই-ভনীক এই লাক্ষণিক প্ৰমোদবনত যিহোৱাই লৈ আনিছে, যাতে তেওঁলোকে শুদ্ধ উপাসনা কৰিব পাৰে। (যোহ. ৬:৪৪) তেওঁলোক যিহোৱাৰ দৃষ্টিত বৰ মূল্যৱান। আমি যেতিয়া এজনে-আনজনৰ মাজত শান্তি আৰু একতা বজাই ৰখাৰ কাৰণে পৰিশ্ৰম কৰোঁ, তেতিয়া এয়া দেখি যিহোৱাৰ মন বহুত আনন্দিত হয়। (যিচ. ২৬:৩; হগ্. ২:৭) যিহোৱাই নিজৰ লোকসকলক বহুতো আশীৰ্বাদ দিছে। যেতিয়া আমি এইবোৰত ধ্যান দিওঁ, তেতিয়া আমাৰ বহুত লাভ হয়। আমি বাইবেল পঢ়াৰ সময়ত সেই বিষয়ে গভীৰভাৱে চিন্তা কৰা উচিত। এইদৰে অধ্যয়ন আৰু ধ্যান কৰাৰ যোগেদি আমি এনে বহুতো গুণ বঢ়াব পাৰোঁ যি এজন খ্ৰীষ্টানৰ বাবে অতি প্ৰয়োজন। তাৰ পাছত আমি এজনে-আনজনক ‘ভাইৰ নিচিনা প্ৰেম’ কৰিম আৰু “পৰস্পৰ স্নেহশীল” হʼম।—ৰোম. ১২:১০. w২২.১১ ১২-১৩ ¶১৬-১৮
বৃহস্পতিবাৰ, ৭ নৱেম্বৰ
মই তেওঁবিলাকৰ অপৰাধ ক্ষমা কৰিম, আৰু তেওঁবিলাকৰ পাপ মই আৰু নুসুঁৱৰিম।—যিৰি. ৩১:৩৪.
যিহোৱাই আমাক ক্ষমা কৰিলে বুলি যেতিয়া আমি স্বীকাৰ কৰোঁ, তেতিয়া আমাৰ জীৱনত “শান্তিযুক্ত কাল” আহে। (পাঁচ. ৩:১৯) আমি মনত শান্তি লাভ কৰোঁ আৰু আমাৰ বিবেক শুদ্ধ হৈ থাকে। কিন্তু যেতিয়া মানুহে আমাক ক্ষমা কৰে, তেতিয়া আমাৰ এনে অনুভৱ নহয়। কেৱল যিহোৱাই ক্ষমা কৰিলেহে আমি এনে অনুভৱ কৰোঁ। যেতিয়া যিহোৱাই আমাক ক্ষমা কৰে, তেতিয়া যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্ক আগৰ দৰে হৈ পৰে। বাইবেলত লিখা আছে যে “পূবৰ পৰা পশ্চিমলৈ যিমান দূৰ, তেওঁ আমাৰ অপৰাধো আমাৰ পৰা সিমান দূৰ” কৰে। (গীত. ১০৩:১২) যেতিয়া যিহোৱাই আমাক ক্ষমা কৰে, তেতিয়া তেওঁ আমাৰ পাপবোৰ সম্পূৰ্ণৰূপে পাহৰি যায়। তেওঁ কেতিয়াও পাপৰ কাৰণে আমাক পুনৰ শাস্তি নিদিয়ে। (যিচ. ৪৩:২৫) ইয়াৰ বিষয়ে চিন্তা কৰি যিহোৱাৰ বাবে আমাৰ হৃদয়ত শ্ৰদ্ধা আৰু কৃতজ্ঞতা বাঢ়ি যায়। (গীত. ১৩০:৪) এজন ব্যক্তিয়ে কিমান ডাঙৰ পাপ কৰিলে, তাৰ আধাৰত যিহোৱাই ক্ষমা কৰিব নে নকৰে তাৰ নিৰ্ণয় নলয়। যিহোৱাই আমাক সৃষ্টি কৰিছে, তেওঁ আমাক নিয়ম দিছে আৰু তেওঁ সকলোতকৈ ভাল বিচাৰকৰ্তা হয়। সেইবাবে, তেওঁ সকলো বিষয়ে ভালদৰে জানে। w২২.০৬ ৫ ¶১২-১৪
শুক্ৰবাৰ, ৮ নৱেম্বৰ
তেওঁ যে তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়, ইয়াকে তেওঁৰ ওচৰলৈ চপা মানুহে বিশ্বাস কৰিব লাগে।—ইব্ৰী ১১:৬.
আমাৰ ওচৰত এটা সুন্দৰ আশা আছে! যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে তেওঁ অতি সোনকালে দুখ-কষ্ট, বেমাৰ আৰু মৃত্যুক নাইকিয়া কৰিব। (প্ৰকা. ২১:৩, ৪) পৃথিৱীখন সুন্দৰ বাগিচালৈ পৰিৱৰ্তন কৰিবলৈ তেওঁ ‘নম্ৰ’ লোকসকলক সহায় কৰিব। (গীত. ৩৭:৯-১১) ইয়াৰ উপৰিও সেই সময়ত আমি যিহোৱাক আমাৰ আৰু কাষত অনুভৱ কৰিম। কিন্তু যিহোৱাৰ এই প্ৰতিজ্ঞাবোৰ পূৰ হʼব বুলি আমি কিয় বিশ্বাস কৰিব পাৰোঁ? কিয়নো আজিলৈকে তেওঁ যি যি প্ৰতিজ্ঞা কৰিছে, সেই সকলো পূৰ হʼল। সেইবাবে, আমি যিহোৱাৰ ওপৰত আশা ৰাখিব পাৰোঁ। (গীত. ২৭:১৪) কিন্তু আমি যিহোৱাৰ ওপৰত আশা কৰোঁ বুলি কেনেকৈ দেখুৱাব পাৰোঁ? যেতিয়ালৈকে যিহোৱাই নিজৰ প্ৰতিজ্ঞা পূৰ নকৰে, তেতিয়ালৈকে আমি ধৈৰ্য্য ধৰিব লাগিব আৰু আনন্দেৰে সেই দিনৰ বাবে বাট চাই থাকিব লাগিব। (যিচ. ৫৫:১০, ১১) গতিকে আহঁক আমিও যিহোৱাৰ বিশ্বাসী হৈ থাকোঁ আৰু সম্পূৰ্ণৰূপে বিশ্বাস ৰাখোঁ যে যিহোৱাই সেই লোকসকলক পুৰস্কাৰ দিব, যিসকলে ‘তেওঁক বিচাৰে।‘ w২২.০৬ ২০ ¶১; ২৫ ¶১৮
দেওবাৰ, ৯ নৱেম্বৰ
তোমালোকৰ কি কি প্ৰয়োজন আছে, তাক তোমালোকে তেওঁক খোজাৰ আগেয়ে, তোমালোকৰ পিতৃয়ে জানে।—মথি ৬:৮.
আমি যিহোৱাৰ পৰিয়ালৰ ভাগ হোৱা হেতুকে তেওঁ আমাৰ মুৰব্বী। যিহোৱাই যদি প্ৰথম তীমথিয় ৫:৮ পদত দিয়া সিদ্ধান্তটো সকলো পৰিয়ালৰ মুৰব্বীয়ে পালন কৰাটো বিচাৰে, তেনেহʼলে তেওঁ নিজেও এই সিদ্ধান্তটো নিশ্চয় পালন কৰিব। যদি আমি ভৰসা কৰোঁ যে যিহোৱাই আমাক আৰু আমাৰ পৰিয়ালক প্ৰেম কৰে, তেনেহʼলে আমাৰ পৰিয়ালৰ প্ৰয়োজনীয়তা কেনেকৈ পূৰ কৰিম বুলি চিন্তা কৰি আমি ভয় নকৰিম। (মথি ৬:৩১-৩৩) যিহোৱাই পৃথিৱীখন সৃষ্টি কৰাৰ সময়ত সীমিত পৰিমাণে বস্তু বনোৱা নাছিল, ইয়াৰ পৰিৱৰ্তে বহুতো বস্তু বনালে, যাতে আমি জীৱনত সুখী হʼব পাৰোঁ। (আদি. ২:৯) ইয়াৰ পৰা জানিব পাৰি যে যিহোৱাই কেৱল আমাৰ প্ৰয়োজনীয়তা পূৰ নকৰে, ইয়াৰ পৰিৱৰ্তে তেওঁ আমাক বহুত প্ৰেমো কৰে। যদিও আজি আমাৰ ওচৰত বহুত বস্তু নাই, তথাপি আমি মনত ৰাখিব পাৰোঁ যে আমাৰ ওচৰত যি আছে, তাৰ পৰা আমি চলিব পাৰিছোঁ আৰু যিহোৱাই আমাৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিছে। (মথি ৬:১১) যদিও বৰ্তমান সময়ত আমাক কিছুমান ত্যাগ কৰিবলগীয়া হয় বা কম খৰচতে পৰিয়াল চলাবলগীয়া হয়, কিন্তু যিহোৱাই এতিয়া আৰু ভৱিষ্যতে আমাক বহুতো আশীৰ্বাদ দিব।—যিচ. ৬৫:২১, ২২. w২২.০৬ ১৫ ¶৭-৮
দেওবাৰ, ১০ নৱেম্বৰ
টান আহাৰ, সম্পূৰ্ণ বয়সীয়াবিলাকৰহে।—ইব্ৰী ৫:১৪.
কেৱল বাইবেল বিদ্যাৰ্থীকে এই ভাল আধ্যাত্মিক ‘আহাৰ’ খাব লাগে, এনে নহয়। আমি সকলোৱে যিহোৱা আৰু বাইবেলৰ বিষয়ে ভালদৰে শিকি থকা উচিত। ইয়াৰ বিষয়ে পৌলে এটা ভাল কথা কৈছিল যে যদি আমি এই আহাৰ খাই থাকোঁ আৰু ইয়াৰ অনুসৰি জীৱন-যাপন কৰোঁ, তেনেহʼলে আমি ভাল আৰু বেয়াৰ মাজত পাৰ্থক্য কৰিব পাৰিম। আজি জগতৰ নৈতিক মানদণ্ড একেবাৰে বেয়ালৈ ঢাল খাইছে। এনে পৰিস্থিতিত যিহোৱাই ভাল আৰু বেয়াৰ যি মানদণ্ড দিছে, সেয়া পালন কৰিবলৈ আমাৰ বাবে কঠিন হʼব পাৰে। সেইবাবে আমাৰ বিশ্বাস বঢ়াবলৈ আমি বাইবেলৰ পৰা যাতে উচিত সময়ত আহাৰ পাই থাকোঁ, তাৰ বাবে যীচুৱে ধ্যান দিয়ে। যীচুৰ দৰে আমিও যিহোৱাৰ নাম মহিমা কৰি আছোঁ। (যোহ. ১৭:৬, ২৬) ১৯৩১ চনত আমি ‘যিহোৱাৰ সাক্ষী’ নাম গ্ৰহণ কৰিলোঁ। এই নামটো বাইবেলৰ পৰা লোৱা হৈছে। এইদৰে কৰাৰ যোগেদি আমি দেখুৱালোঁ যে ঈশ্বৰৰ নামটো আমাৰ বাবে কিমান গুৰুত্বপূৰ্ণ আৰু তেওঁৰ নামেৰে আমাৰ পৰিচয় হোৱাটো আমি বিচাৰোঁ। (যিচ. ৪৩:১০-১২) বাইবেলৰ যি যি ঠাইত ঈশ্বৰৰ নাম হʼব লাগিছিল, নিউ ৱৰ্ল্ড ট্ৰান্চলেশ্ব্যান্ অৱ দ্য হলি স্ক্ৰিপশ্বাৰচ্ত সেই সকলো ঠাইত আমি ঈশ্বৰৰ নাম উল্লেখ কৰিলোঁ। এইদৰে কৰাৰ যোগেদি আমি যিহোৱাৰ নাম মহিমা কৰিলোঁ। w২২.০৭ ১১ ¶১১-১২
সোমবাৰ, ১১ নৱেম্বৰ
তোমাৰ বাক্য মোৰ ভৰিৰ নিমিত্তে প্ৰদীপস্বৰূপ, আৰু মোৰ পথৰ দীপ্তিস্বৰূপ।—গীত. ১১৯:১০৫.
বাইবেলত ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তাৰ বিষয়েও কোৱা হৈছে। যীচুৱে এই সত্যতাৰ তুলনা মাটিৰ তলত পোৱা মূল্যৱান ধনৰ লগত কৰিছিল। তেওঁ এইদৰে কৈছিল, “স্বৰ্গৰাজ্য, পথাৰৰ মাজত লুকুৱাই থোৱা ধনৰ নিচিনা; তাক কোনো মানুহে দেখা পাই, লুকুৱাই থয়; পাছে আনন্দেৰে গৈ, তেওঁৰ সৰ্ব্বস্ব বেচি, সেই পথাৰ কিনে।” (মথি ১৩:৪৪) সেই ব্যক্তিজনে মূল্যৱান ধনক বিচাৰি থকা নাছিল। কিন্তু যেতিয়া তেওঁ সেই মূল্যৱান ধন পালে, তেতিয়া তেওঁ কি কৰিলে? তেওঁ জানিছিল এই ধন বহুত মূল্যৱান হয়। সেইবাবে তেওঁ তাক পাবলৈ নিজৰ সকলো এৰিবলৈ সাজু আছিল। আজি আমি যিহোৱাৰ সেৱা কৰি বহুত আনন্দ লাভ কৰোঁ আৰু ঈশ্বৰৰ ৰাজ্যত সদায় কাললৈকে জীয়াই থকাৰ আমাৰ আশা আছে। এই আশীৰ্বাদৰ তুলনাত জগতৰ ডাঙৰ-ডাঙৰ বস্তু একোৱেই নহয়। আজি আমি যিহোৱাৰ কাষ চাপিব পাৰিছোঁ আৰু তেওঁৰ লগত এটা ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰিছোঁ। এই সকলো আমাৰ বাবে সন্মানৰ বিষয় হয়। যিহোৱাৰ লগত আমাৰ সম্পৰ্ক বজাই ৰাখিবলৈ আমি যিকোনো এৰিবলৈ সাজু আছোঁ। সঁচাকৈ, যিহোৱাক ‘আনন্দ’ কৰি আমি যি আনন্দ লাভ কৰোঁ, সেই আনন্দ আন কোনো বস্তুৱে আমাক দিব নোৱাৰে!—কল. ১:১০. w২২.০৮ ১৫ ¶৮-৯; ১৭ ¶১২
মঙ্গলবাৰ, ১২ নৱেম্বৰ
মই কেনেকৈ এনে মহা-দুষ্কৰ্ম্ম, আৰু ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰিব পাৰোঁ?—আদি. ৩৯:৯.
ব্যভিচাৰ কৰাটো এটা ‘দুষ্ট কাম’ হয় বুলি যোচেফে কেনেকৈ জানিছিল? কাৰণ মোচিৰ নিয়ম দেখোন প্ৰায় ২০০ বছৰৰ পাছত দিয়া হৈছিল। যʼত এইদৰে লিখা আছিল, “তুমি পৰস্ত্ৰী গমন নকৰিবা” অৰ্থাৎ ব্যভিচাৰ নকৰিবা। (যাত্ৰা. ২০:১৪) যোচেফৰ ওচৰত যদিও নিয়ম নাছিল, কিন্তু তেওঁ যিহোৱাক জানিছিল। যোচেফে হয়তো জানিছিল যে যিহোৱাই এজন পুৰুষ আৰু স্ত্ৰীৰ বিয়া কৰাইছিল। সেইবাবে, তেওঁ হয়তো বুজিব পাৰিলে যে কেৱল স্বামী-স্ত্ৰীৰ মাজতহে শাৰীৰিক সম্বন্ধ ৰখা উচিত। তেওঁ হয়তো এয়াও শুনিছিল যে যেতিয়া দুটা পৰিস্থিতিত তেওঁৰ আজো আইতা চাৰাক দুজন ব্যক্তিয়ে বেয়া চকুৰে চাইছিল, তেতিয়া যিহোৱাই তেওঁক কেনেকৈ সুৰক্ষা দিছিল। (আদি. ২:২৪; ১২:১৪-২০; ২০:২-৭) এই সকলো কথাৰ পৰা তেওঁ বুজি পালে যে ব্যভিচাৰ কৰাটো যিহোৱাৰ দৃষ্টিত ভুল হয়। তেওঁ যিহোৱাক প্ৰেম কৰিছিল আৰু যিহোৱাৰ দৃষ্টিত যি সঠিক হয়, সেই কামেই কৰিব বিচাৰিছিল। সেইবাবে, তেওঁ এই দুষ্ট কাম নকৰিলে। w২২.০৮ ২৬ ¶১-২
বুধবাৰ, ১৩ নৱেম্বৰ
পৃথিবীৰ ধূলিত শোৱা আটাই লোকে সাৰ পাব; কেত্বিলাকে অনন্ত জীৱন . . . পাব।—দানি. ১২:২.
আমি আগতে বিশ্বাস কৰিছিলোঁ যে এই পদত শেষ-কালত যিহোৱাৰ লোকসকলে লাক্ষণিকভাৱে জীৱিত হোৱাৰ বিষয়ে কোৱা হৈছে অৰ্থাৎ সেই সময়ৰ বিষয়ে কোৱা হৈছে, যেতিয়া ১৯১৮ চনত হোৱা বিৰোধৰ পাছত তেওঁলোকে আকৌ উৎসাহেৰে প্ৰচাৰ কাম কৰিবলৈ ধৰিলে। কিন্তু এই পদৰ বিষয়ে আমাৰ বুজাবুজিত সাল-সলনি হৈছে। এতিয়া আমি বিশ্বাস কৰোঁ যে ইয়াত নতুন পৃথিৱীত জীৱিত হোৱা লোকসকলৰ বিষয়ে কোৱা হৈছে। এই সাল-সলনিৰ কাৰণ কি? মন কৰক, দানিয়েল ১২:২ পদত সেই লোকসকলৰ বিষয়ে কোৱা হৈছে, যিসকল “ধূলিত” মিলি গৈছে। এবাৰ ইয়োবে যেতিয়া নিজৰ মৃত্যুৰ বিষয়ে কৈছিল, তেতিয়া তেওঁ “ধূলিত” মিলি যোৱা বা ‘চিয়োল’ অৰ্থাৎ কবৰৰ কথা কৈছিল। (ইয়ো. ১৭:১৬) ইয়াৰ পৰা আমি বুজিব পাৰোঁ যে দানিয়েল ১২:২ পদত সেই লোকসকলক জীৱিত কৰাৰ বিষয়ে কোৱা হৈছে, যিসকলে ধূলিত মিলি গৈছে বা যিসকলৰ সঁচাকৈ মৃত্যু হৈছে আৰু যিসকলক শেষ কালত আৰু হৰমাগিদোনৰ যুদ্ধৰ পাছত জীৱিত কৰা হʼব। দানিয়েল ১২:২ পদত লিখা আছে যে কিছুমান লোকক “অনন্ত জীৱন” দিবলৈ জীৱিত কৰা হʼব। ইয়াৰ অৰ্থ কি? হাজাৰ বছৰৰ সময়ছোৱাত বহুতো লোকক জীৱিত কৰা হʼব, কিন্তু তেওঁলোকৰ মাজৰ যিসকল লোকে যিহোৱা আৰু যীচুৰ বিষয়ে শিকি থাকিব আৰু তেওঁলোকৰ আজ্ঞা পালন কৰিব, তেওঁলোকেহে অনন্ত জীৱন পাব।—যোহ. ১৭:৩. w২২.০৯ ২১-২২ ¶৬-৭
বৃহস্পতিবাৰ, ১৪ নৱেম্বৰ
[প্ৰেমে] সকলোতে বিশ্বাস কৰে।—১ কৰি. ১৩:৭.
এই বাক্যশাৰীৰ অৰ্থ এয়া নহয় যে আমি চকু মুদি ভাই-ভনীসকলৰ ওপৰত ভৰসা কৰা। ইয়াৰ পৰিৰ্ৱতে আমি তেওঁলোকৰ ভাল কামবোৰলৈ ধ্যান দিয়া আৰু তেওঁলোকৰ ওপৰত ভৰসা কৰাটো যিহোৱাই বিচাৰে। যেতিয়া আমি কাৰোবাৰ লগত সময় অতিবাহিত কৰোঁ আৰু তেওঁৰ বিষয়ে জানিবলৈ ধৰোঁ, তেতিয়া আমি তেওঁক বেছিকৈ সন্মান কৰিবলৈ ধৰোঁ। ভাই-ভনীসকলৰ ওপৰত ভৰসা কৰিবলৈ আমি এইদৰেই কৰা উচিত। আমি তেওঁলোকৰ বিষয়ে জানিবলৈ চেষ্টা কৰা উচিত। এইদৰে কৰিবলৈ হʼলে আপুনি যেতিয়া সভালৈ যায়, তেতিয়া ভাই-ভনীসকলৰ লগত কথা পাতক আৰু তেওঁলোকৰ লগত মিলি প্ৰচাৰ কৰক। তেওঁলোকৰ ওপৰত ভৰসা কৰিবলৈ আপোনাক সময়ৰ প্ৰয়োজন হʼব। সেইবাবে, ধৈৰ্য্য ধৰক। আৰম্ভণিতে আপুনি নিজৰ মনৰ সকলো কথা তেওঁলোকক কʼবলৈ নোৱাৰিবও পাৰে। যেতিয়া আপুনি তেওঁলোকক ভালদৰে জানিবলৈ ধৰিব আৰু তেওঁলোকৰ ওপৰত ভৰসা কৰিবলৈ ধৰিব, তেতিয়া হয়তো আপুনি তেওঁলোকক নিজৰ মনৰ কথা জনাব পাৰিব। (লূক ১৬:১০) যদি কোনোবাই আপোনাৰ লগত বিশ্বাসঘাত কৰে, তেনেহʼলে আপুনি কি কৰিব? সেই সময়ত আপুনি তেওঁৰ ওপৰত কেতিয়াও ভৰসা কৰিব নোৱাৰিম বুলি নাভাবিব। কিছু সময়ৰ পাছত আপুনি হয়তো তেওঁলোকৰ ওপৰত আকৌ ভৰসা কৰিব পাৰিব। যদি কোনো ভাই বা ভনীয়ে বিশ্বাসঘাত কৰিছে, তেনেহʼলে ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি কাৰো ওপৰত ভৰসা কৰিব নোৱাৰে। w২২.০৯ ৪ ¶৭-৮
শুক্ৰবাৰ, ১৫ নৱেম্বৰ
তেওঁৰ [যিহোৱাৰ] চকু পৃথিবীৰ চাৰিওফালে ভ্ৰম্ণ কৰে।—২ বং. ১৬:৯.
এজন প্ৰাচীন ভাই মিকেয়াছৰ এটা সময়ত অনুভৱ হৈছিল যে কিছুমান প্ৰাচীনে তেওঁৰ লগত বেয়া ব্যৱহাৰ কৰিছে। কিন্তু ভায়ে নিজৰ ভাবনাক নিয়ন্ত্ৰণ কৰিলে আৰু ভাবি-চিন্তি কাম কৰিলে। তেওঁ যিহোৱালৈ বাৰে বাৰে প্ৰাৰ্থনা কৰি পবিত্ৰ আত্মা আৰু সাহস বিচাৰিলে। তেওঁ এনে কিছুমান লেখ পঢ়িলে, যʼত ভাল ভাল পৰামৰ্শ দিয়া আছিল। আমি ভাই মিকেয়াছৰ পৰা কি শিকিব পাৰোঁ? যদি আপোনাৰ অনুভৱ হৈছে যে কোনোবা ভাই বা ভনীয়ে আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰিছে, তেতিয়া শান্ত হৈ থাকক আৰু তেওঁৰ বিষয়ে বেয়াকৈ নাভাৱিব। হয়তো আপুনি নাজানে যে যেতিয়া তেওঁ এইদৰে কʼলে বা কৰিলে, তেতিয়া তেওঁৰ মনত কি চলি আছিল। বিষয়টো তেওঁৰ দৃষ্টিৰে চাবলৈ যিহোৱাক মিনতি কৰক। তেতিয়া হয়তো আপোনাৰ অনুভৱ হʼব যে সেই ভাই বা ভনীয়ে জানি-শুনি আপোনাক আঘাত দিবলৈ এইদৰে ব্যৱহাৰ কৰা নাই। তাৰ পাছত আপুনি হয়তো তেওঁৰ ভুলবোৰ পাহৰি তেওঁক ক্ষমা কৰিব পাৰে। (হিতো. ১৯:১১) মনত ৰাখক যিহোৱাই ভালদৰে জানে যে আপোনাৰ লগত কি হৈছে আৰু আপুনি কেনে অনুভৱ কৰিছে। সেইবাবে, আপোনাক সেই সকলোবোৰ সহন কৰিবলৈ তেওঁ সাহস দিব।—উপ. ৫:৮. w২২.১১ ২১ ¶৫
শনিবাৰ, ১৬ নৱেম্বৰ
মই . . . কপটীয়াবোৰে সৈতে নোসোমাওঁ।—গীত. ২৬:৪.
যিহোৱাক প্ৰেম কৰা লোকসকলৰ লগত বন্ধুত্ব কৰক। আমি যিসকলৰ লগত বন্ধুত্ব কৰোঁ, লাহে লাহে আমিও তেওঁলোকৰ নিচিনাই হৈ পৰোঁ। যদি আপুনি পৰিপক্ক খ্ৰীষ্টান হʼব বিচাৰে, তেনেহʼলে পৰিপক্ক ভাই-ভনীসকলৰ লগত বন্ধুত্ব কৰক। (হিতো. ১৩:২০) জʼন নামৰ প্ৰাচীনজনে এইদৰে কৈছে, “মই সৰু থকাৰ সময়ত প্ৰচাৰ কৰোঁতে ভাই-ভনীসকলৰ লগত মোৰ এটা ভাল বন্ধুত্ব গঢ়ি উঠিল। তেওঁলোক বৰ উৎসাহী আছিল আৰু তেওঁলোকৰ লগত থাকি মই প্ৰচাৰত বেছিকৈ আনন্দ লাভ কৰিবলৈ ধৰিলোঁ। আগতে মই কেৱল নিজৰ বয়সৰ লোকসকলৰ লগতহে বন্ধুত্ব কৰিছিলোঁ। কিন্তু মই দেখিলোঁ যে ডাঙৰ লোকসকলেও ভাল বন্ধু হʼব পাৰে।” মণ্ডলীতো আমি ভাবি-চিন্তি বন্ধুত্ব কৰা উচিত। কাৰণ সকলোৰে যিহোৱাৰ লগত ভাল সম্পৰ্ক নাথাকিবও পাৰে। প্ৰথম শতিকাতো এনে ভাই-ভনীসকল আছিল। সেইবাবে পৌলে তীমথিয়ক তেওঁলোকৰ পৰা আঁতৰি থাকিবলৈ কৈছিল। (২ তীম. ২:২০-২২) যিহোৱাৰ লগত থকা আপোনাৰ সম্পৰ্ক বহুত মূল্যৱান হয় আৰু আপুনি তেওঁৰ লগত বন্ধুত্ব গঢ়ি তুলিবলৈ কঠিন পৰিশ্ৰম কৰিলে। সেইবাবে এনে ব্যক্তিৰ লগত বন্ধুত্ব নকৰিব, যাৰ বাবে যিহোৱাৰ লগত থকা আপোনাৰ সম্পৰ্ক নাইকিয়া হʼব পাৰে। কোনোপধ্যেই এইদৰে হʼবলৈ নিদিব। w২২.০৮ ৫-৬ ¶১৩-১৫
দেওবাৰ, ১৭ নৱেম্বৰ
যি স্থলত তুমি অজ্ঞান . . . তাৰ আগৰ পৰা গুচি যোৱা।—হিতো. ১৪:৭
আমি সেই ‘অজ্ঞানসকলৰ’ দৰে নহওঁ, যিসকলে যিহোৱাই দিয়া পৰামৰ্শৰ ওপৰত ধ্যান নিদিয়ে। আমি সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ মানদণ্ড পালন কৰিব আৰু তেওঁৰ দৰে চিন্তাধাৰা ৰাখিব বিচাৰোঁ। আমি এই ইচ্ছা কেনেকৈ মজবুত কৰিব পাৰোঁ? যিসকলে যিহোৱাৰ বুদ্ধিৰে ভৰা পৰামৰ্শ নুশুনে, তেওঁলোকৰ জীৱনত কিমান সমস্যা আছে, তাৰ বিষয়ে আমি ভাবি চাব পাৰোঁ। তাৰ পাছত আমি চিন্তা কৰিব পাৰোঁ যে আমি যিহোৱাৰ কথা শুনাৰ কাৰণে কিমান শান্তিত আছোঁ। (গীত. ৩২:৮, ১০) যিহোৱাই আজি সকলো ব্যক্তিকে তেওঁৰ বুদ্ধিৰে ভৰা পৰামৰ্শৰ যোগেদি লাভৱান হʼবলৈ সুযোগ দি আছে। কিন্তু তেওঁ কাৰো লগত জোৰ-জবৰদস্তী নকৰে। লোকসকলে শুনিব নে নুশুনে, এয়া তেওঁ লোকসকলৰ ওপৰতে এৰি দিছে। কিন্তু তেওঁ এয়াও কৈছে যে যিসকলে তেওঁৰ কথা নুশুনে, তেওঁলোকৰ পৰিণাম কি হʼব। বাইবেলত লিখা আছে তেওঁলোকে “নিজ নিজ আচৰণৰ ফল ভোগ কৰিব।” (হিতো. ১:২৯-৩২) তেওঁলোকে যিদৰে জীৱন-যাপন কৰে, তাৰ কাৰণে তেওঁলোকে বহুতো সমস্যা আৰু চিন্তাৰ সন্মুখীন হʼব লাগিব আৰু শেষত গৈ তেওঁলোকৰ নাশ হʼব। কিন্তু যিসকল লোকে যিহোৱাৰ মানদণ্ড পালন কৰে, তেওঁলোকক যিহোৱাই এইদৰে প্ৰতিজ্ঞা কৰিছে, ‘তুমি নিৰাপদে থাকিবা, আৰু অমঙ্গলৰ ভয় নোপোৱাকৈ শান্তিৰে থাকিবা।’—হিতো. ১:৩৩. w২২.১০ ২১ ¶১১-১৩
সোমবাৰ, ১৮ নৱেম্বৰ
যি জনে যিহোৱালৈ ভয় ৰাখে, আৰু তেওঁৰ পথত চলে, সেই জন ধন্য।—গীত. ১২৮:১.
যিহোৱাক ভয় কৰাৰ অৰ্থ এয়া নহয় যে আমি সদায় কপি কপি ভয়ে ভয়ে জীয়াই থাকিম। ইয়াৰ পৰিৱৰ্তে তাৰ অৰ্থ হৈছে আমি সেই কামবোৰৰ পৰা আঁতৰি থকা যিবোৰ যিহোৱাই ভাল নাপায়। (হিতো. ১৬:৬) যিহোৱাই বাইবেলত লিখাইছে যে তেওঁ কি ভাল পায় আৰু কি বেয়া পায়। সেইবাবে, আমি তেওঁৰ মানদণ্ডবোৰ পালন কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰা উচিত। (২ কৰি. ৭:১) যদি আমি যিহোৱাই ভাল পোৱা কামবোৰ কৰোঁ আৰু যিবোৰ কামক তেওঁ ঘিণ কৰে, তাৰ পৰা আঁতৰি থাকোঁ, তেনেহʼলে আমি আনন্দত থাকিম। (গীত. ৩৭:২৭; ৯৭:১০; ৰোম. ১২:৯) হয়তো এজন ব্যক্তিয়ে জানে যে ভাল আৰু বেয়াৰ মাজত নিৰ্ণয় লোৱাৰ অধিকাৰ কেৱল যিহোৱাৰ হয়। কিন্তু তেওঁ কেৱল জানিলেই নহʼব, সেই মানদণ্ডবোৰ পালনো কৰিব লাগিব। (ৰোম. ১২:২) আমি যেনেধৰণৰ জীৱন-যাপন কৰোঁ, তাৰ পৰা জানিব পাৰি যে যিহোৱাৰ মানদণ্ডবোৰ পালন কৰিলে আমাৰেই লাভ হʼব বুলি আমি বিশ্বাস কৰোঁ নে নকৰোঁ। (হিতো. ১২:২৮) দায়ূদেও বিশ্বাস কৰিছিল যে যিহোৱাৰ মানদণ্ডবোৰ পালন কৰিলেহে আনন্দ পাব পাৰি। সেইবাবে, তেওঁ এইদৰে কৈছিল, “তুমি মোক জীৱনৰ পথ জনাবা; তোমাৰ সম্মুখত তৃপ্তিজনক আনন্দ, তোমাৰ সোঁহাতে অনন্ত সুখ।”—গীত. ১৬:১১. w২২.১০ ৮ ¶৯-১০
মঙ্গলবাৰ, ১৯ নৱেম্বৰ
পুত্ৰই পিতৃক যি যি কৰ্ম্ম কৰা দেখে, তাত বাজে, তেওঁ নিজে একো কৰ্ম্ম কৰিব নোৱাৰে।—যোহ. ৫:১৯.
যীচু সদায় নম্ৰ আছিল। তেওঁ পৃথিৱীলৈ অহাৰ আগতে স্বৰ্গত নিজৰ পিতৃৰ লগত বহুতো কাম কৰিছিল। ‘স্বৰ্গত আৰু পৃথিবীত, সকলোকে তেওঁৰ দ্বাৰাই স্ৰজা হল।’ (কল. ১:১৬) বাপ্তিষ্মা লোৱাৰ পাছত তেওঁক হয়তো সকলো কথা মনত পৰিল। (মথি ৩:১৬; যোহ. ১৭:৫) তথাপি এই কথা চিন্তা কৰি তেওঁ অহংকাৰ কৰা নাছিল। তেওঁ কেতিয়াও নিজৰ কথা আৰু কামৰ পৰা নিজকে আনতকৈ ডাঙৰ হয় বুলি দেখুৱা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ নিজৰ শিষ্যসকলক কৈছিল যে তেওঁ পৃথিৱীলৈ “সেৱা-শুশ্ৰূষা পাবলৈ নহয়, সেৱা-শুশ্ৰূষা কৰিবলৈ, আৰু অনেকৰ মুক্তিৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল।” (মথি ২০:২৬) তেওঁ এয়াও কৈছিল যে তেওঁ নিজৰ ইচ্ছাৰ অনুসৰি কাম নকৰে। ইয়াৰ পৰিৱৰ্তে তেওঁ সদায় যিহোৱাৰ ইচ্ছাৰ অনুসৰি কাম কৰে। সঁচাকৈ যীচু বৰ নম্ৰ আছিল। আমিও তেওঁৰ দৰে নম্ৰ হোৱা উচিত। w২২.০৫ ২৪ ¶১৩
বুধবাৰ, ২০ নৱেম্বৰ
যিহোৱালৈ উলটি আহক। —যিচ. ৫৫:৭.
যিহোৱাই যেতিয়া ক্ষমা কৰিব বিচাৰে তেতিয়া তেওঁ আন এটা কথালৈ মন কৰে, সেয়া হৈছে এজন ব্যক্তিয়ে যি কৰি আছে, সেয়া ভুল হয় বুলি তেওঁ জানেনে? যীচুৱেও এই বিষয়ে লূক ১২:৪৭, ৪৮ পদত কৈছে। যদি এজন ব্যক্তিয়ে এনে কাম কৰিবলৈ ষড়যন্ত্ৰ কৰে, যি যিহোৱাই ঘৃণা কৰে, তেনেহʼলে তেওঁ গম্ভীৰ পাপ কৰে। এনে ক্ষেত্ৰত হয়তো যিহোৱাই তেওঁক ক্ষমা নকৰিবও পাৰে। (মাৰ্ক ৩:২৯; যোহ. ৯:৪১) যদি যিহোৱাই আমাক ক্ষমা কৰাটো বিচাৰোঁ, তেনেহʼলে আমি কি কৰিব লাগিব। যিহোৱাই পাপ কৰা ব্যক্তিজনে হৃদয়ৰ পৰা অনুতাপ কৰিছে নে নাই সেয়া মন কৰে। অনুতাপ কৰাৰ অৰ্থ হৈছে “নিজৰ ভুল চিন্তাধাৰা আৰু ভুল আচাৰ-ব্যৱহাৰ শুধৰণি কৰা।” যিজন ব্যক্তিয়ে অনুতাপ কৰে, তেওঁ নিজৰ ভুল কাম বা যি সঠিক কাম কৰাৰ প্ৰয়োজন আছিল কিন্তু নকৰিলে, তাৰ বিষয়ে দুখ কৰে। ইয়াৰ লগতে যিহোৱাৰ লগত থকা তেওঁৰ সম্পৰ্ক ইমানে দুৰ্বল হৈছিল যে তেওঁ পাপ কৰিলে, ইয়াৰ বিষয়েও চিন্তা কৰি তেওঁ বৰ দুখ কৰে। w২২.০৬ ৫-৬ ¶১৫-১৭
বৃহস্পতিবাৰ, ২১ নৱেম্বৰ
বাস্তৱিক খ্ৰীষ্ট্ যীচুত ভক্তিভাৱে জীৱন ধাৰণ কৰিবলৈ ইচ্ছা কৰা সকলোবিলাকে তাড়না পাব।—২ তীম. ৩:১২.
আমাৰ কামক বিৰোধ কৰা লোকসকলে যিহোৱাৰ সংগঠনত নেতৃত্ব লোৱা ভাইসকলৰ বিষয়ে মিছা কথা কয়। (গীত. ৩১:১৩) কিছুমান ভাইক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁলোক অপৰাধী হয় বুলি মিছা অভিযোগ কৰা হৈছে। প্ৰথম শতিকাত পৌলৰ লগতো এইদৰেই হৈছিল। তেওঁৰ ওপৰত মিছা অভিযোগ কৰা হৈছিল আৰু তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। যেতিয়া পৌল ৰোমত বন্দী হৈ আছিল, তেতিয়া কিছুমান ভাই-ভনীয়ে তেওঁৰ পৰা আঁতৰি আঁতৰি থাকিছিল। (২ তীম. ১:৮, ১৫; ২:৮, ৯) চিন্তা কৰক এয়া দেখি পৌলৰ কেনে অনুভৱ হৈছিল। পৌলে তেওঁলোকৰ বাবে বহুত পৰিশ্ৰম কৰিছিল। আনকি নিজৰ জীৱনো বিপদত পেলাইছিল। (পাঁচ. ২০:১৮-২১; ২ কৰি. ১:৮) যেতিয়া পৌলক তেওঁলোকৰ অতি প্ৰয়োজন আছিল, সেই সময়ত তেওঁলোকে পৌলৰ পৰা আঁতৰি গৈছিল। আমি সেই ভাই-ভনীসকলৰ দৰে হʼব নিবিচাৰোঁ। নেতৃত্ব লোৱা ভাইসকলক চয়তানে অত্যাচাৰ কৰা দেখি আমি আচৰিত হোৱাৰ প্ৰয়োজন নাই। সেই ভাইসকলে যাতে যিহোৱাৰ বিশ্বাসী হৈ নাথাকে আৰু যেতিয়া আমি তেওঁলোকৰ লগত অত্যাচাৰ হোৱা দেখোঁ, তেতিয়া আমি ভয় খোৱাটো চয়তানে বিচাৰে। (১ পিত. ৫:৮) নেতৃত্ব লোৱা ভাইসকলৰ লগ নেৰিব আৰু তেওঁলোকক সহায় কৰি থাকক।—২ তীম. ১:১৬-১৮. w২২.১১ ১৬-১৭ ¶৮-১১
শুক্ৰবাৰ, ২২ নৱেম্বৰ
তুমি . . . ঈশ্বৰলৈ ভয় নকৰা নে? —লূক ২৩:৪০.
যীচুৰ ওপৰত বিশ্বাস কৰা অপৰাধীজন হয়তো যিহূদী আছিল। এয়া আমি কিয় কʼব পাৰোঁ? যিহূদীসকলে বিশ্বাস কৰিছিল যে এজনেই ঈশ্বৰ আছে কিন্তু পৰজাতিসকলে বহুতো ঈশ্বৰৰ ওপৰত বিশ্বাস কৰিছিল। (যাত্ৰা. ২০:২, ৩; ১ কৰি. ৮:৫, ৬) যদি সেই অপৰাধীজন পৰজাতি হোৱা হʼলে তেওঁ আন অপৰাধীজনক আজিৰ পাঠত উল্লেখ থকা প্ৰশ্নটি নুশুধিলেহেঁতেন, ‘তুমি ঈশ্বৰবোৰলৈ ভয় নকৰা নে?’ কিন্তু তেওঁ এইদৰে কোৱা নাছিল। আন এটা কথালৈ মন কৰক সাধাৰণতে যীচুৱে পৰজাতিসকলক প্ৰচাৰ কৰা নাছিল, কাৰণ তেওঁক “ইস্ৰায়েল-বংশৰ হেৰোৱা মেৰৰ” ওচৰলৈহে পঠোৱা হৈছিল। (মথি ১৫:২৪) ইয়াৰ উপৰিও মৃত লোকসকলক পুনৰ জীৱিত কৰা হʼব বুলি যিহোৱাই কেৱল ইস্ৰায়েলীসকলকহে জনাইছিল। সেই অপৰাধীজনেও হয়তো ইয়াৰ বিষয়ে জানিছিল। তেওঁ যীচুৰ লগত যিদৰে কথা পাতিছিল, তাৰ পৰা জানিব পাৰি যে তেওঁ হয়তো ভাবিছিল যিহোৱাই যীচুকো জীৱিত কৰিব আৰু তেওঁক নিজৰ ৰাজ্যৰ ৰজা বনাব। যিহোৱাই তেওঁকো জীৱিত কৰিব বুলি তেওঁ বিশ্বাস কৰিছিল। এজন যিহূদী হিচাপে অপৰাধীজনে হয়তো আদম আৰু হৱাৰ বিষয়ে ভালদৰে জানিছিল। ইয়াৰ উপৰিও যিহোৱাই আদম আৰু হৱাৰ বাবে এই পৃথিৱীতে ধুনীয়া প্ৰমোদবন বনাইছিল, তাৰ বিষয়েও হয়তো তেওঁ জানিছিল। যেতিয়া যীচুৱে লূক ২৩:৪৩ পদত প্ৰমোদবনৰ বিষয়ে কৈছিল, তেতিয়া তেওঁ এখন ধুনীয়া পৃথিৱীৰ বিষয়ে ভাবিছিল।—আদি. ২:১৫. w২২.১২ ৮-৯ ¶২-৩
শনিবাৰ, ২৩ নৱেম্বৰ
সকলোৱে . . . একে মনেৰে প্ৰাৰ্থনাত লাগি থাকিল।—পাঁচ. ১:১৪.
আজি আমাকো প্ৰচাৰ কৰিবলৈ যিহোৱাৰ পবিত্ৰ আত্মাৰ প্ৰয়োজন আছে। কিয় বাৰু? কাৰণ চয়তানে আমাৰ প্ৰচাৰ কামত বাধা দিবলৈ আমাৰ লগত যুঁজি আছে। (প্ৰকা. ১২:১৭) সি মানুহতকৈ বৰ শক্তিশালী। কিন্তু প্ৰচাৰ কৰাৰ যোগেদি আমি দেখুৱাওঁ যে আমি চয়তানক ভয় নকৰোঁ। সেইবাবে, যেতিয়া আমি প্ৰচাৰ কৰোঁ, তেতিয়া চয়তান পৰাজয় হয় আৰু আমি জয়লাভ কৰোঁ। (প্ৰকা. ১২:৯-১১) ইয়াৰ পৰা স্পষ্ট হয় যে যিহোৱাই আমাক পবিত্ৰ আত্মা দি আছে আৰু তেওঁ আমাৰ পৰা আনন্দিত হৈছে। (মথি ৫:১০-১২; ১ পিত. ৪:১৪) তেওঁ পবিত্ৰ আত্মা দি আমাকো কঠিন আৰু মজবুত কৰিব, যাতে আমি প্ৰচাৰ কৰাৰ সময়ত সমস্যাবোৰ ভালদৰে সন্মুখীন হʼব পাৰোঁ। (২ কৰি. ৪:৭-৯) কিন্তু পবিত্ৰ আত্মা পাবলৈ আমি কি কৰিব লাগিব? আমি বাৰে বাৰে প্ৰাৰ্থনা কৰা উচিত আৰু বিশ্বাস কৰা উচিত যে তেওঁ আমাৰ প্ৰাৰ্থনা নিশ্চয় শুনিব। w২২.১১ ৫ ¶১০-১১
দেওবাৰ, ২৪ নৱেম্বৰ
মই তোমালোকক বিনয় কৰোঁ যে, অনিয়মে চলা লোকক তোমালোকে চেতনা দিয়া অল্প-সাহসীবিলাকক আশ্বাস দিয়া, দুৰ্ব্বল লোকক সাহায্য কৰা, আৰু সকলোলৈকে দীৰ্ঘ-সহিষ্ণু হোৱা।—১ থিচ. ৫:১৪.
আমাৰ ভাই-ভনীসকলক প্ৰেম দেখুৱাৰ আন এটা উপায় হৈছে তেওঁলোকৰ লগত শান্তি বজাই ৰখা। আমি যিহোৱাৰ দৰে হʼবলৈ চেষ্টা কৰিব পাৰোঁ। কাৰণ তেওঁ হৃদয় খুলি আমাক ক্ষমা কৰে। চিন্তা কৰক যিহোৱাই আমাৰ পাপ ক্ষমা কৰিবলৈ নিজৰ প্ৰিয় পুত্ৰৰ বলিদান দিলে। গতিকে কোনো ভাই বা ভনীয়ে যদি আমাৰ বিৰুদ্ধে পাপ কৰে, তেনেহʼলে আমি তেওঁক ক্ষমা কৰিব নালাগিবনে? আমি যীচুৱে কোৱা সেই দুষ্ট দাসৰ নিচিনা হʼব নিবিচাৰোঁ। তেওঁৰ মালিকে তেওঁৰ ডাঙৰ ধাৰ ক্ষমা কৰি দিছিল, কিন্তু তেওঁ নিজৰ বন্ধুৰ সৰু ধাৰ ক্ষমা কৰি নিদিলে। (মথি ১৮:২৩-৩৫) যদি কোনো ভাই বা ভনীৰ বিষয়ে আপোনাৰ কিবা ভুল ধাৰণা আছে, তেনেহʼলে স্মৰণীয় দিনৰ আগতে আপুনি তেওঁৰ লগত মিল হʼবলৈ চেষ্টা কৰক। (মথি ৫:২৩, ২৪) এইদৰে কৰিলে আপুনি যিহোৱা আৰু যীচুক প্ৰেম কৰে বুলি দেখুৱাব পাৰে। w২৩.০১ ২৯ ¶৮-৯
সোমবাৰ, ২৫ নৱেম্বৰ
যি জনে দৰিদ্ৰক কৃপা কৰে, তেওঁ যিহোৱাক ধাৰ দিয়ে; তেওঁ নিজ সৎকাৰ্য্যৰ পৰিশোধ কৰিব।—হিতো. ১৯:১৭.
ভাই-ভনীসকলক কি বস্তুৰ প্ৰয়োজন আছে, তাক জানিবলৈ তেওঁলোকক প্ৰশ্ন সোধক। কিন্তু এনে প্ৰশ্ন নুসুধিব, যাৰ বাবে তেওঁলোকে দুখ অনুভৱ কৰিব পাৰে। (হিতো. ২০:৫) আপুনি তেওঁলোকক সুধিব পাৰে যে তেওঁলোকৰ ওচৰত খাবলৈ আহাৰ, দৰৱ আৰু প্ৰয়োজনীয় বস্তুবোৰ আছেনে? অথবা তেওঁলোকে নিজৰ চাকৰি হেৰুৱাই দিয়াৰ সম্ভাৱনাতো নাই বা ঘৰৰ ভাড়া দিবলৈ তেওঁলোকৰ ওচৰত পইচা আছে নে নাই। যদি চৰকাৰে এনে লোকসকলৰ অভাৱ পূৰ কৰিবলৈ কিবা ব্যৱস্থা কৰিছে, তেনেহʼলে আপুনি ভাই-ভনীসকলক সুধিব পাৰে যে এনে ব্যৱস্থাৰ পৰা লাভৱান হʼবলৈ তেওঁলোকক কিবা সহায়ৰ প্ৰয়োজন আছেনে? কিন্তু যিহোৱাই আমাক সকলোকে উৎসাহিত কৰে যে আমি যাতে ইজনে-সিজনক সহায় কৰোঁ আৰু উৎসাহিত কৰোঁ। (গালা. ৬:১০) যদি কোনো ভাই বা ভনীৰ বেমাৰ হৈছে, তেনেহʼলে আমি কি কৰিব পাৰোঁ? সৰু লʼৰা-ছোৱালীয়ে তেওঁলোকৰ বাবে কাৰ্ড বা ড্ৰইং বনাই দিব পাৰে। ডেকা ভাই-ভনীসকলে তেওঁলোকৰ বাবে বজাৰ কৰি দিব পাৰে আৰু লগতে ঘৰৰ কাম কৰি তেওঁলোকক সহায় কৰিব পাৰে। ইয়াৰ লগতে আমি তেওঁলোকৰ আহাৰৰ ব্যৱস্থাও কৰি দিব পাৰোঁ। কিছুমান ভাই-ভনীয়ে তেওঁলোকক ধন্যবাদ কʼবলৈ মেছেজ বা কাৰ্ড দিয়ে। গতিকে আহক আমি ‘ইজনে সিজনক উৎসাহ দিওঁ আৰু ইজনে সিজনক দৃঢ় কৰোঁ।’—১ থিচ. ৫:১১ NW. w২২.১২ ২২ ¶২; ২৩ ¶৫, ৬
মঙ্গলবাৰ, ২৬ নৱেম্বৰ
তোমালোকে বৰ ভূল কৰিছা।—মাৰ্ক ১২:২৭.
যীচুৰ সময়ত থকা চদ্দূকীসকলে হিব্ৰু শাস্ত্ৰৰ প্ৰথম পাঁচখন কিতাপৰ বিষয়ে ভালদৰে পৰিচিত আছিল। কিন্তু সেই কিতাপবোৰত লিখা কিছুমান গুৰুত্বপূৰ্ণ সত্যতা তেওঁলোকে বুজি নাপালে। এয়া আমি কিয় কʼব পাৰোঁ? মন কৰক, এবাৰ তেওঁলোকে মৃত লোকসকলক জীৱিত কৰাৰ বিষয়ে যীচুক প্ৰশ্ন সুধিছিল, তেতিয়া যীচুৱে কি উত্তৰ দিলে। যীচুৱে এইদৰে কʼলে “মই অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, যাকোবৰ ঈশ্বৰ বুলি ঈশ্বৰে মোচিক কেনেকৈ কৈছিল, তাক তোমালোকে মোচিৰ পুস্তকত, জোপাৰ বৃত্তান্তত, পঢ়া নাই নে?” (মাৰ্ক ১২:১৮, ২৬) ইয়াত কোনো সন্দেহ নাই যে সেই চদ্দূকীসকলে সেই ঘটনাটো বহুবাৰ পঢ়িছিল। কিন্তু যীচুৱে তেওঁলোকক যি প্ৰশ্ন সুধিলে, তাৰ পৰা জানিব পাৰি যে তেওঁলোকে শাস্ত্ৰৰ এটা গুৰুত্বপূৰ্ণ সত্যতাক ধ্যান দিয়া নাছিল। সেয়া হৈছে মৃত লোকসকলক ঈশ্বৰে আকৌ জীয়াই তুলিব। (লূক ২০:৩৮) এই ঘটনাৰ পৰা আমি কি শিকিব পাৰোঁ? বাইবেল পঢ়াৰ সময়ত আমি ধ্যান দিয়া উচিত যে কোনো এটা পদ বা ঘটনাৰ পৰা আমি কি কি কথা শিকিব পাৰোঁ। আমি বাইবেলত লিখা প্ৰাথমিক শিক্ষা বুজাৰ লগতে ইয়াত দিয়া আন গুৰুত্বপূৰ্ণ কথা আৰু সিদ্ধান্তবোৰৰ ওপৰতো ধ্যান দিয়া উচিত, যিবোৰ হয়তো স্পষ্টকৈ লিখা নাথাকে। এই কথাবোৰ শাস্ত্ৰৰ গভীৰতাত লুকাই থকা মূল্যৱান ৰত্নৰ দৰে হয়। w২৩.০২ ১১ ¶৯-১০
বুধবাৰ, ২৭ নৱেম্বৰ
মেঘৰূপ সাক্ষীয়ে আমাক বেৰি আছে।—ইব্ৰী ১২:১.
আজিৰ পাঠত উল্লেখ থকা সকলোবোৰ বিশ্বাসী লোকসকলে বহুতো ডাঙৰ ডাঙৰ সমস্যাৰ সন্মুখীন হৈছিল, তথাপি মৃত্যুলৈকে যিহোৱাৰ বিশ্বাসী হৈ থাকিল। (ইব্ৰী ১১:৩৬-৪০) তেওঁলোকে যদিও যিহোৱাৰ সকলো প্ৰতিজ্ঞা পূৰ হোৱা দেখিবলৈ নাপালে, তথাপি তেওঁলোকে যিহোৱাৰ ওপৰত আশা ৰাখিছিল। তেওঁলোকে জানিছিল যে যিহোৱা তেওঁলোকৰ পৰা আনন্দিত আছে। সেইবাবে, তেওঁলোকৰ সম্পূৰ্ণ ভৰসা আছিল যে ভৱিষ্যতে তেওঁলোকে যিহোৱাৰ প্ৰতিজ্ঞা পূৰ হোৱা দেখিবলৈ পাব। (ইব্ৰী ১১:৪, ৫) গতিকে আহঁক আমি তেওঁলোকৰ পৰা শিকোঁ আৰু যিয়ে পৰিস্থিতি নহওঁক কিয় আমি যিহোৱাৰ ওপৰত আশা ৰাখোঁ। এই জগতৰ পৰিস্থিতি একেবাৰে বেয়ালৈ ঢাল খাইছে। (২ তীম. ৩:১৩) চয়তানে যিহোৱাৰ লোকসলৰ ওপৰত এটাৰ পাছত এটা সমস্যা আনিছে। তথাপি আমাৰ ওপৰত যিয়ে সমস্যা নাহক কিয়, আমি সকলোৱে থিৰাং কৰা উচিত যে আমি মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰিম, কিয়নো আমি ‘জীৱনময় ঈশ্বৰত ভৰসা [আশা] ৰাখিছোঁ।’—১ তীম. ৪:১০. w২২.০৬ ২৫ ¶১৭-১৮
বৃহস্পতিবাৰ, ২৮ নৱেম্বৰ
মই গাঁতলৈ নামি গলে মোৰ ৰক্তপাতত কি লাভ? ধূলিয়ে জানো তোমাৰ স্তুতি কৰিব?—গীত. ৩০:৯.
আমাৰ স্বাস্থ্য ভালেই ৰখাৰ কাৰণ হৈছে আমি সকলোৱে মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰিব বিচাৰোঁ। কিন্তু আমাৰ স্বাস্থ্য ভাল থাকিলেহে আমি এইদৰে কৰিব পাৰোঁ। (মাৰ্ক ১২:৩০) আমি “নিজ নিজ শৰীৰক জীৱিত, পবিত্ৰ, আৰু ঈশ্বৰৰ গ্ৰহণীয় বলিস্বৰূপে উৎসৰ্গ” কৰিব বিচাৰোঁ। সেইবাবে, আমি এনে কোনো কাম কৰা উচিত নহয়, যাৰ যোগেদি আমাৰ স্বাস্থ্য বেয়া হʼব পাৰে। (ৰোম. ১২:১) এয়া সঁচা যে আমি সকলোৱে সম্পূৰ্ণভাৱে স্বাস্থ্যৱান হৈ থাকিব নোৱাৰোঁ, কেতিয়াবা নহয় কেতিয়াবা আমি বেমাৰত পৰোঁ। কিন্তু আমি যিমান পাৰোঁ, সিমানেই আমাৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত। এইদৰে কৰাৰ যোগেদি আমি দেখুৱাম যে যিহোৱাই দিয়া এই জীৱনৰ প্ৰতি আমি কৃতজ্ঞ। যেতিয়া আমি বেমাৰ হওঁ বা আমাৰ বয়স বাঢ়িব ধৰে, তেতিয়া আমি আগৰ দৰে কামবোৰ কৰিব নোৱাৰোঁ। সেইবাবে, কেতিয়াবা কেতিয়াবা আমাক নিজৰ ওপৰতে খং উঠে আৰু দুখ লাগে। কিন্তু আমি হাৰ মানিব নালাগে, তাৰ পৰিৱৰ্তে নিজৰ স্বাস্থ্যৰ যত্ন লʼবলৈ আমি যি কৰিব পাৰোঁ, সেয়া কৰা উচিত। এইদৰে কৰিলে আমি যিমানেই বেমাৰ বা বৃদ্ধ নহওঁ কিয়, ৰজা দায়ূদৰ দৰে আমিও যিহোৱাৰ প্ৰশংসা কৰিব পাৰিম। আমাৰ শৰীৰ যিমানেই দুৰ্বল নহওক কিয়, যিহোৱাই আমাক মূল্যৱান বুলি ভাবিব। এয়া জানি সঁচাকৈ আমাক বহুত ভাল লাগে। (মথি ১০:২৯-৩১) যদিও আমাৰ মৃত্যু হৈ যায় যিহোৱাই আমাক আকৌ জীয়াই তুলিব আৰু তেওঁ এইদৰে কৰিবলৈ আগ্ৰহী হৈ আছে। (ইয়ো. ১৪:১৪, ১৫) সেইবাবে, আজি আমি জীয়াই থকাৰ সময়ত আমাৰ স্বাস্থ্যৰ যত্ন লʼবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰা উচিত। w২৩.০২ ২০-২১ ¶৩-৫
শুক্ৰবাৰ, ২৯ নৱেম্বৰ
যি কোনোৱে পবিত্ৰ আত্মাৰ নিন্দা কৰে, তাৰ ক্ষমা কেতিয়াও নহব, সি অনন্ত পাপৰ অপৰাধী।—মাৰ্ক ৩:২৯.
বৰ লোক সমুহৰ নাম হৰমাগিদোনৰ পাছতো জীৱনৰ কিতাপত লিখা থাকিবনে? নিশ্চয় থাকিব। (প্ৰকা. ৭:১৪) যীচুৱে কৈছিল যে এই মেৰ সমান লোকসকলে ‘অনন্ত জীৱন’ পাব। (মথি ২৫:৪৬) কিন্তু হৰমাগিদোন শেষ হোৱাৰ লগে লগে তেওঁলোকে অনন্ত জীৱন নাপাব। হাজাৰ বছৰৰ শাসনৰ সময়ছোৱাত যীচুৱে তেওঁলোকক মেৰৰখীয়াৰ নিচিনা “জীৱন-জলৰ ভুমুকৰ ওচৰলৈ নিব।” সেই সময়ছোৱাত যিসকল লোকে যীচুৰ নিৰ্দেশনাবোৰ পালন কৰিব আৰু শেষ পৰীক্ষাত যিহোৱাৰ বিশ্বাসী হৈ থাকিব, তেওঁলোকৰ নামহে জীৱনৰ কিতাপত কলমেৰে লিখাৰ দৰে হʼব অৰ্থাৎ সদায় কালৰ বাবে লিখা হʼব। (প্ৰকা. ৭:১৬, ১৭) যিহেতু ছাগলী সমান লোকসকলক হৰমাগিদোনত ধ্বংস কৰা হʼব। যীচুৱে কৈছিলে যে তেওঁলোকক ‘অনন্ত দণ্ড’ দিয়া হʼব অৰ্থাৎ তেওঁলোকক সদায় কালৰ বাবে ধ্বংস কৰা হʼব। (মথি ২৫:৪৬) পৌলেও কৈছিল যে “তেওঁবিলাকে অনন্ত সংহাৰৰূপ দণ্ড ভোগ কৰিব।”—২ থিচ. ১:৯, ১০; ২ পিত. ২:৯. w২২.০৯ ১৬ ¶৭-৮
শনিবাৰ, ৩০ নৱেম্বৰ
প্ৰত্যেক বিষয়েৰেই এক এক সময় আছে।—উপ. ৩:১.
যেতিয়া পৰিয়ালত সকলোৱে মিলি যিহোৱাই বনোৱা বস্তুবোৰ চাই আৰু তাৰ আনন্দ লয়, তেনেহʼলে সকলোকে বহুত ভাল লাগে আৰু সকলোৱে এজনে-আনজনৰ বেছি কাষ চাপি আহে। যিহোৱাই এনে বহুতো বস্তু বনাইছে, যিবোৰ চাই আমি বহুত আনন্দিত হওঁ। যেনে: পাহাৰ, সমুদ্ৰ আৰু জংগল। বহুতো পৰিয়ালে এনেধৰণৰ ঠাইত গৈ সময় কটাবলৈ ভাল পায়। নতুন পৃথিৱীত পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীৰ লগত যিহোৱাই বনোৱা বস্তুবোৰৰ আৰু বেছিকৈ আনন্দ লʼব পাৰিব। তাত জীৱ-জন্তুলৈ আমাৰ কোনো ভয় নাথাকিব আৰু জীৱ-জন্তুৱেও আমাক ভয় নকৰিব। (যিচ. ১১:৬-৯) সেই সময়ত যিহোৱাই বনোৱা বস্তুবোৰ মন দি চাবলৈ আৰু তাৰ আনন্দ লʼবলৈ আমাৰ ওচৰত বহুতো বস্তু থাকিব। (গীত. ২২:২৬) কিন্তু পিতৃ-মাতৃসকল, আপোনালোকে কেৱল সেই দিনলৈকে অপেক্ষা নকৰিব। যিহোৱাই বনোৱা বস্তুবোৰৰ আনন্দ লʼবলৈ আৰু যিহোৱাৰ বিষয়ে ভালদৰে শিকিবলৈ নিজৰ লʼৰা-ছোৱালীক এতিয়াৰে পৰা শিকাওক। এইদৰে কৰিলে তেওঁলোকেও দায়ূদৰ দৰে কʼব পাৰিব। তেওঁ এইদৰে কৈছিল, ‘হে যিহোৱা, তোমাৰ কাৰ্য্যৰ নিচিনা কোনো কাৰ্য্য নাই।’—গীত. ৮৬:৮. w২৩.০৩ ২৫ ¶১৬-১৭